নিমিষা কাণ্ডৰ মূল অভিযুক্ত আছিক আলী এনকাউণ্টাৰত গুলীবিদ্ধ

নিমিষা কাণ্ডৰ মূল অভিযুক্ত আছিক আলী এনকাউণ্টাৰত গুলীবিদ্ধ Guwahati Girl Death News

Guwahati Girl Death News নিমিষা কাণ্ডৰ মূল অভিযুক্ত আছিক আলী এনকাউণ্টাৰত গুলীবিদ্ধ

গুৱাহাটীৰ ধাৰাপুৰত পুৱতি নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। নিমিষা ঠাকুৰীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলী আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে ধাৰাপুৰত পুৱতি নিশা প্ৰায় ৩.৩০ বজাত আৰক্ষীৰ গুলীত ভৰিত আঘাতপ্ৰাপ্ত হয় আছিক আলী।

গুলীবিদ্ধ আছিক আলীক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) লৈ যোৱা হয়। বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে অভিযুক্তগৰাকী।

উল্লেখ্য যে, ধাৰাপুৰৰ হোমষ্টেত নিমিষা ঠাকুৰীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ তদন্তত আছিক আলীৰ নাম মূল অভিযুক্ত হিচাপে পোহৰলৈ আহিছিল। ঘটনাটোৰ তদন্ত অব্যাহত থকাৰ মাজতে অভিযুক্তজন এনকাউণ্টাৰত গুলীবিদ্ধ হোৱাক লৈ নতুনকৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top