আছিক আলীৰ পিছত ৰাজ্যত দ্বিতীয়টো এনকাউণ্টাৰ

আছিক আলীৰ পিছত ৰাজ্যত দ্বিতীয়টো এনকাউণ্টাৰ

আছিক আলীৰ পিছত ৰাজ্যত দ্বিতীয়টো এনকাউণ্টাৰ

আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী, কামোৰত আহত ৩ আৰক্ষী

শ্ৰীভূমি জিলাৰ ৰাতাবাৰীত আৰক্ষীৰ গুলীত আহত হ’ল এজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ গুলীত ভৰিত আঘাতপ্ৰাপ্ত হোৱা বাপ্পী নমশূদ্ৰ নামৰ অভিযুক্তজনক চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীৰ ভাষ্য অনুসৰি, মিজোৰামৰ পৰা অসমলৈ য়াবা টেবলেট সৰবৰাহ কৰাৰ অভিযোগত বাপ্পী নমশূদ্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল। সোমবাৰে ৰাতাবাৰী থানাৰ অন্তৰ্গত নিভিয়া–চেৰাগী পথত ড্ৰাগছ হস্তান্তৰৰ সময়ত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। ঘটনাস্থলীৰ পৰা বাপ্পী নমশূদ্ৰ (৪২)ক আটক কৰি পিছত গ্ৰেপ্তাৰ কৰা হয়।

ৰাতাবাৰী থানাৰ অ’চি চিত্তৰঞ্জন বড়াৰ নেতৃত্বত নিভিয়া আৰু চেৰাগী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ এটা দলে গোপনে অৱস্থান গ্ৰহণ কৰি অভিযান চলাইছিল।

আৰক্ষীৰ দাবী অনুসৰি, আটক কৰাৰ পিছত থানালৈ নিয়াৰ সময়ত বাপ্পীয়ে এগৰাকী আৰক্ষী কৰ্মীক কামুৰি পলায়নৰ চেষ্টা কৰে। আজি পুনৰ ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ অভিযুক্তজনক লৈ যোৱাৰ সময়ত তেওঁ দুজন আৰক্ষী কৰ্মীক কামুৰি পলায়নৰ চেষ্টা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এই পৰিস্থিতিত অভিযুক্তজনক ৰখাবলৈ আৰক্ষীয়ে এক ৰাউণ্ড গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলী বাপ্পীৰ ভৰিত লাগে আৰু তেওঁ আহত হয়। পিছত তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।

ইফালে, অভিযুক্তজনৰ কামোৰত আহত হোৱা তিনিগৰাকী আৰক্ষী কৰ্মীকো চিকিৎসা আৰু প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top