বাক্সাত ইমাম ৰূপী স্বামীৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি আৰক্ষী থানা পালে পত্নী

বাক্সাত ইমাম ৰূপী স্বামীৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি আৰক্ষী থানা পালে পত্নী। লম্পট ইমামৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ বাক্সাৰ বৰবৰীৰ আল্লিয়া ।

এবছৰ পূৰ্বে বাক্সাৰ অহোপাৰ এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাই পলুৱাই আনি বিবাহ পাষত আৱদ্ধ কৰিছিল বাক্সাৰ বৰবৰীৰ আল্লিয়াৰ এই গৰাকী পাষণ্ড ইমাম স্বামী মহম্মদ তাৰিফুল আলীয়ে । বিবাহৰ পিচৰে পৰা পাচঁ লাখ টকাৰ যৌতুক বিচাৰি পত্নীক অকথ্য নিৰ্যাতন চলায় আহিছিল লম্পট ইমাম স্বামী তাৰিফুলে। তিনি মাহৰ অন্ত:সত্বা পত্নীৰ পেটত ইমাম স্বামীয়ে আক্ৰমন কৰি হত্যা কৰিছিল সন্তানক##যৌতুক বিচাৰি দীৰ্ঘদিন ধৰি পত্নীক শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলায় আহিছিল ইমাম স্বামী মহম্মদ তাৰিফুল আলীয়ে। নিশা লম্পট ইমাম মহম্মদ তাৰিফুল আলীয়ে পুনৰ পাচঁ লাখ টকা যৌতুক হিচাপে বিচাৰি পুনৰ পত্নীক নিৰ্যাতন চলায় । ন্যায় বিচাৰি নিজৰ পিতৃ-মাতৃৰ সৈতে নিশা পত্নী আহিলে বাক্সাৰ বৰবৰী থানালৈ। কিন্তু দুৰ্ভগীয়া পত্নীয়ে ইমাম স্বামীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ থানালৈ যায় যদিও বৰবৰী আৰক্ষীয়ে এজাহাৰ গ্ৰহন কৰাৰ বিপৰীতে মহিলা গৰাকীক লগতে পিতৃ-মাতৃক অপমান কৰি থানাৰ পৰা উলিৱাই দিয়ে। অৱশেষত ইমাম স্বামীৰ অকথ্য নিৰ্যাতনৰ সকলো কথা পত্নীয়ে সংবাদ মাধ্যমৰ সম্মুখত বৰ্ননা কৰি দোষীক শাস্তি দিয়াৰ দাবী জনাইছে মহিলা গৰাকীয়ে । আনফালে মহিলা গৰাকীৰ মাতৃয়ে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি আৰক্ষীয়ে অপমান কৰাৰ কথা উল্লেখ কৰি কেনেদৰে ইমাম তাৰিফুলে তেওৰ কন্যাক যৌতুক বিচাৰি দীৰ্ঘদিন ধৰি অকথ্য নিৰ্যাতন চলোৱাৰ কথা মন্তব্য কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top