বান পীড়িত লোকক সাহাৰ্য বিতৰণৰ নাম লৈ ভুৱা সংগঠনৰ ভাবুকিৰে নিশা যোৰহাটত অবৈধ ধন সংগ্ৰহ
শিৱসাগৰৰ ভণ্ড নেতাক যোৰহাটত আটক, সহযোগী সহ আন ৭ জন পলাতক
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নামত বুধবাৰে নিশা যোৰহাটত ভণ্ড নেতাৰ আতংক ।

ইয়াৰ পূৰ্বেও সংবাদ-মাধ্যমৰ শিৰোনাম দখল কৰি অহা বাবুল বৰা নামৰ এই স্বয়ম্ভু ভণ্ড নেতাজনে আমগুৰি, হালোৱাটিং, গেলেকী, নামতি, নাজিৰা, শিমলুগুৰি, বিহুবৰ, ডিমৌ, শিৱসাগৰ, সোণাৰি, মৰাণ আৰু ডিব্ৰুগড়ৰৰ বিভিন্ন ব্যৱসায়ীৰ পৰা নানা ধৰণৰ কৌশলেৰে অবৈধ ধন সংগ্ৰহ কৰি আহিছে । অভিযোগ অনুসৰি সংগঠনটোৰ আনটো ফৌয়দৰ নাম লৈ যোৰহাটত শিৱসাগৰ আৰু চৰাইদেউৰ বান পীড়িতৰ মাজত সাহাৰ্য বিতৰণৰ বাবে স্থানীয় ব্যৱসায়ীৰ পৰা বলপূৰ্বক ভাৱে অবৈধ ধন সংগ্ৰহৰ অভিযোগ তুলিছে অসম জাতীয়তাবাদী যুৱ পৰিষদ যোৰহাট জিলা সমিতিয়ে । সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন তালুকদাৰ আৰু জিলা সমিতিৰ নাম লৈ চান্দা সংগ্ৰহ কৰি থাকোতে আনটো ফৌয়দৰ হাতত ধৰা পৰে স্বয়ম্ভু নেতা বাবুল বৰা ।

কিন্তু সহযোগী সহ আন ৭ অভিযুক্ত ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত সংগঠনটোৰ বিষয়ববীয়াই যুৱকজন ভুৱা বুলি জানিব পাৰি যোৰহাট আৰক্ষীক চমজাই দিয়ে । লগতে যোৰহাটবাসী ৰাইজে এই দুৰ্দশা মূহুত্বত সমগ্ৰ ৰাজ্যবাসীয়ে বান পীড়িত সকলক সহায় সহযোগ কৰা ক্ষণত এনে ধুৰন্দৰ নেতা সহ সহযোগী সকলক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে ।

