Assam Cabinet মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত লোকসেৱা ভৱনত অনুষ্ঠিত অসম কেবিনেট বৈঠকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
মূল সিদ্ধান্তসমূহ হৈছে—
- ১১২ জৰুৰীকালীন সেৱাৰ আধুনিকীকৰণ: অসম আৰক্ষীৰ ১১২ জৰুৰীকালীন সেৱা অধিক আধুনিক আৰু শক্তিশালী কৰিবলৈ ৯৭.৯০ কোটি টকা অনুমোদন দিয়া হৈছে। ২০০খন নতুন বাহন সংযোজন কৰি ২৪×৭ মোবাইল আৰক্ষী সেৱা শক্তিশালী কৰা হ’ব। আইন-শৃংখলা, অগ্নিকাণ্ড, দুৰ্ঘটনা আদি যিকোনো জৰুৰী পৰিস্থিতিত নাগৰিকে ১১২ নম্বৰত ফোন কৰি তৎক্ষণাত সহায় লাভ কৰিব।
- বিশ্বনাথ চাৰিআলিত আমূলৰ বৃহৎ প্ৰকল্প: বিশ্বনাথ চাৰিআলিত আমূলৰ এটা দুগ্ধ সম্পদ কেন্দ্ৰ স্থাপনৰ বাবে ৩৩ বিঘা মাটি আবণ্টনৰ অনুমোদন দিয়া হৈছে।
- চৰকাৰী কৰ্মচাৰীৰ বিদেশ ভ্ৰমণ: পূৰ্বে আৰোপ কৰা বিদেশ ভ্ৰমণৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে। এতিয়া চৰকাৰৰ পূৰ্বানুমতি সাপেক্ষে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ব্যক্তিগত খৰচত বা চৰকাৰী কাম, প্ৰশিক্ষণ আদিৰ বাবে বিদেশ ভ্ৰমণ কৰিব পাৰিব।

নতুন আইন আৰু সংশোধনী
- Assam Tourism Development and Registration Act, 2024 সংশোধন কৰি হোটেল, হোমষ্টে আদি প্ৰতিষ্ঠানৰ পঞ্জীয়ন ব্যৱস্থা অধিক সহজ কৰা হ’ব।
- Sarais Act, 1867 বাতিল কৰি ইয়াৰ প্ৰয়োজনীয় বিধান নতুন পৰ্যটন আইনত অন্তৰ্ভুক্ত কৰা হ’ব।
- Assam Minor Mineral Concession Rules, 2013 সংশোধন কৰি বনজ সম্পদৰ ট্ৰানজিট মাচুল আদিৰ নতুন ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।
- The Assam Shops and Establishments Act কেন্দ্ৰীয় আইনৰ সৈতে সামঞ্জস্য ৰাখি সংশোধনৰ সিদ্ধান্ত।
- Assam Micro, Small and Medium Enterprises (Facilitation of Establishment and Operation) Bill, 2026 অনুমোদন। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে পূৰ্বানুমতি নোলোৱাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। অৱশ্যে বৃহৎ বা প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ’ব।
- Assam Ease of Doing Business (Amendment) Bill, 2026 অনুমোদন।
- Assam Janbiswas Bill, 2026ৰ জৰিয়তে চহৰ আৰু গাঁও পৰিকল্পনা, অগ্নিনিৰ্বাপণ আৰু ভূমি শ্ৰেণীবিভাজনৰ কিছুমান নিয়ম শিথিল কৰাৰ সিদ্ধান্ত।

গুৱাহাটী উন্নয়নৰ বাবে নতুন কৰ্তৃপক্ষ
গুৱাহাটী মহানগৰীৰ পৰিকল্পিত বিকাশৰ বাবে Guwahati Satellite City Development Authority Bill, 2026 অনুমোদন কৰা হৈছে। এই কৰ্তৃপক্ষ সম্পূৰ্ণ চৰকাৰী হ’ব। মুখ্যমন্ত্ৰী ইয়াৰ সভাপতি আৰু মুখ্য সচিব কাৰ্যবাহী সমিতিৰ সভাপতি হ’ব।

ভূমি আইন কঠোৰ
অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ আইনৰ দ্বাদশ অধ্যায় সংশোধন কৰি নিৰ্দিষ্ট ধৰ্মীয় অনুষ্ঠান আৰু সাংস্কৃতিক ঐতিহ্যস্থলৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমি ক্ৰয়-বিক্ৰয়ৰ নিয়ম অধিক কঠোৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ব্যৱসায়িক শৃংখলাবদ্ধকৰণ
ৰাজ্যত ব্যৱসায়িক শৃংখলা সুদৃঢ় কৰাৰ বাবে মন্ত্ৰী পীয়ূষ হাজৰিকা, বিমল বৰা আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এখন কেবিনেট উপ-সমিতি গঠন কৰা হৈছে। এই সমিতিয়ে কৃষকক উপকৃত কৰা আৰু ব্যৱসায়িক ব্যৱস্থা অধিক সুশৃংখল কৰাৰ বাবে কাম কৰিব। উদ্যোগ, কৃষি আৰু বন বিভাগে সমন্বয়ৰে এই সমিতিৰ অধীনত কাম কৰিব।
