কামৰূপ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ, দালাল চক্ৰৰ দপদপনিৰ অভিযোগ ।DTO

কামৰূপ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ, দালাল চক্ৰৰ দপদপনিৰ অভিযোগ ।DTO

DTO । আমিনগাঁওস্থিত কামৰূপ জিলা পৰিবহণ বিষয়াৰ (DTO) কাৰ্যালয়ত দীৰ্ঘদিন ধৰি দালাল চক্ৰৰ দপদপনি চলি থকাৰ অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় এজন যুৱকে দাখিল কৰা অভিযোগপত্ৰৰ ভিত্তিত কাৰ্যালয়টোৰ ভিতৰত এক প্ৰকাৰৰ অঘোষিত দালাল চক্ৰ সক্ৰিয় হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, DTO কাৰ্যালয়ত বিভিন্ন কাম-কাজ সম্পাদনৰ ক্ষেত্ৰত একাংশ ব্যক্তিয়ে মধ্যস্থতাকাৰী বা দালালৰ ভূমিকা পালন কৰি আহিছে। অভিযোগকাৰীৰ দাবী অনুসৰি, জিলা পৰিবহণ বিষয়াৰ কক্ষত প্ৰৱেশ অথবা স্বাক্ষৰ লোৱাৰ ক্ষেত্ৰতো একাংশ ব্যক্তিৰ অনুমতি ল’বলগীয়া হয়।

আনহাতে, MVI কাৰ্যালয়ৰ কাম-কাজ আৰু বিভিন্ন লেনদেনো কিছু ব্যক্তিয়ে নিয়ন্ত্ৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, বিভিন্ন নথিপত্ৰ অনুমোদন, স্বাক্ষৰ অথবা বাহন-সংক্ৰান্তীয় কামৰ নামত ১,০০০ টকাৰ পৰা ২,০০০ টকা পৰ্যন্ত ধন সংগ্ৰহ কৰা হয়।

ইয়াৰ উপৰিও, বিভাগীয় অনুমতি বা চৰকাৰী টেণ্ডাৰ প্ৰক্ৰিয়া অবিহনে কাৰ্যালয় চৌহদত ব্যক্তিগতভাৱে অনলাইন সেৱা কেন্দ্ৰ চলোৱাৰ অভিযোগো উত্থাপিত হৈছে। অভিযোগকাৰীৰ মতে, ড্ৰাইভিং লাইচেঞ্চ তৈয়াৰৰ নামত সাধাৰণ লোকৰ পৰা ৭,০০০ টকাৰ পৰা ১০,০০০ টকা পৰ্যন্ত আদায় কৰা হয়।

এই অভিযোগসমূহৰ ফলত পৰিবহণ বিভাগৰ ভাবমূৰ্তি ক্ষুণ্ণ হোৱা বুলি সচেতন মহলে মন্তব্য কৰিছে। অভিযোগত উল্লেখিত বিষয়সমূহক লৈ একাংশ সচেতন যুৱকে পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে, উত্থাপিত অভিযোগসমূহৰ সত্যতা স্বাধীনভাৱে নিশ্চিত কৰা হোৱা নাই। অভিযোগত উল্লেখিত ব্যক্তি তথা সংশ্লিষ্ট বিষয়াসকলৰ প্ৰতিক্ৰিয়াও এতিয়ালৈকে লাভ কৰা হোৱা নাই।

এই অভিযোগৰ ভিত্তিত ৰাজ্য চৰকাৰ, পৰিবহণ বিভাগ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া আগন্তুক দিনত লক্ষ্যণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top