উত্তৰ গুৱাহাটীত পৰকীয়া প্ৰেমক লৈ উত্তপ্ত পৰিস্থিতি । north guwahati

উত্তৰ গুৱাহাটীত পৰকীয়া প্ৰেমক লৈ উত্তপ্ত পৰিস্থিতি । north guwahati

north guwahati । উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ নয়নপুৰ অঞ্চলত নিশা এক পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় লোকৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাত পত্নীয়ে নিজ স্বামীক প্ৰেমিকাৰ কোঠাত হাতে-লোটে ধৰি পেলায়।

অভিযোগ অনুসাৰে, নলবাৰীৰ আৰিকুছিৰ বাসিন্দা চম্পক বৈশ্য নামৰ এজন বিবাহিত পুৰুষ দীৰ্ঘদিন ধৰি পৰকীয়া সম্পৰ্কত জড়িত আছিল। এই বিষয়টো লৈ ঘৰত বহুদিন ধৰি অশান্তি চলি আছিল বুলি জনা গৈছে। পত্নীয়ে অভিযোগ কৰে যে স্বামীয়ে তেওঁক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন কৰি আহিছিল।

নিশাৰ ঘটনাত পত্নীয়ে দুই সন্তানসহ গৈ স্বামীক প্ৰেমিকাৰ সৈতে এখন কোঠাত হাতে-লোটে ধৰি পেলায়। এই দৃশ্য দেখি স্থানীয় লোকো একত্ৰিত হয় আৰু পৰিস্থিতি উত্তপ্ত হৈ উঠে। ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈ চম্পক বৈশ্যই কিল-ঘুচা খোৱাৰ অভিযোগ উঠিছে।

উল্লেখযোগ্য যে সংশ্লিষ্ট প্ৰেমিকাৰো দুজন সন্তান আছে বুলি জানিব পৰা গৈছে। ঘটনাটোৱে অঞ্চলটোত ব্যাপক আলোড়ন সৃষ্টি কৰিছে।

এই ঘটনাৰ পাছত আৰক্ষীৰ ভূমিকা আৰু আইনী ব্যৱস্থা সম্পৰ্কে অধিক তথ্য এতিয়ালৈকে পোৱা হোৱা নাই, যদিও স্থানীয় ৰাইজে ঘটনাটোৰ সঠিক তদন্ত দাবী কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top