শিৰোনামঃ সংবাদ কাৰ্যালয়ত সোমাই সাংবাদিকৰ ওপৰত প্ৰাণঘাতী হামলা, গুৰুতৰ আহত ৰাজু দাস ।

শিৰোনামঃ সংবাদ কাৰ্যালয়ত সোমাই সাংবাদিকৰ ওপৰত প্ৰাণঘাতী হামলা, গুৰুতৰ আহত ৰাজু দাস । journalist

journalist । গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদমাধ্যমৰ ওপৰত পুনৰ আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে শিলচৰত। বৰাকবাণী সংবাদ কাৰ্যালয়ত সোমাই সাংবাদিক ৰাজু দাসৰ ওপৰত ধাৰালো অস্ত্ৰৰে নৃশংস হামলা চলোৱাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাটো বৃহস্পতিবাৰে অপৰাহ্ন প্ৰায় ৪ বজাত শিলচৰৰ দ্বিতীয় লিংক ৰোডৰ ১১ নম্বৰ লেইনত অৱস্থিত বৰাকবাণী কাৰ্যালয়ত সংঘটিত হয়। অভিযোগ অনুসৰি, ৰাহুল দাসৰ নেতৃত্বত কেইজনমান দুষ্কৃতিয়ে কাৰ্যালয়ত প্ৰৱেশ কৰি ভিতৰৰ পৰা দৰজা বন্ধ কৰি সাংবাদিক ৰাজু দাসৰ ওপৰত ধাৰালো অস্ত্ৰ আৰু লাঠিৰে আক্ৰমণ চলায়। হামলাত ৰাজু দাসৰ মূৰত গুৰুতৰ আঘাত লাগে আৰু তেওঁ ৰক্তাক্ত অৱস্থাত অচেতন হৈ পৰে।

প্ৰাথমিক তথ্য অনুসৰি, বৰাকবাণীয়ে সাম্প্ৰতিক সময়ত প্ৰকাশ কৰা এটা অনুসন্ধানী প্ৰতিবেদনৰ জেৰত এই পৰিকল্পিত আক্ৰমণ সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। হামলাকাৰীসকলে সাংবাদিকক আক্ৰমণ কৰাৰ লগতে কাৰ্যালয়ৰ কম্পিউটাৰ, প্ৰিণ্টাৰসহ বিভিন্ন সামগ্ৰী ভাঙচুৰ কৰি প্ৰায় চাৰি লাখ টকাৰ ওপৰত ক্ষতিসাধন কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

ঘটনাৰ খবৰ পাই ৰাঙিৰখাৰী থানাৰ পুলিচ ঘটনাস্থলীত উপস্থিত হৈ মূল অভিযুক্ত ৰাহুল দাসক গ্ৰেপ্তাৰ কৰে। আন জড়িত দুষ্কৃতিসকলক আটক কৰিবলৈ পুলিচে অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে বৰাকবাণী কৰ্তৃপক্ষই থানাত লিখিত অভিযোগ দাখিল কৰিছে।

ইফালে, ঘটনাটোক লৈ স্থানীয় সাংবাদিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাংবাদিক সংগঠনসমূহে এই ঘটনাক “সংবাদমাধ্যমৰ স্বাধীনতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ” বুলি অভিহিত কৰি জড়িত সকলো অভিযুক্তক দ্ৰুত গ্ৰেপ্তাৰ আৰু দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top