সোণাপুৰৰ কলংপাৰত সংঘটিত এক মাৰপিটৰ ঘটনা অৱশেষত হত্যাকাণ্ডলৈ ৰূপান্তৰিত হ’ল। যোৱা দেওবাৰে সামান্য কথাক কেন্দ্ৰ কৰি তিনিজন লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ৩৫ বছৰীয়া বাপন পালৰ বুধবাৰে নিশা মৃ*ত্যু ঘটে।

ঘটনাৰ বিৱৰণ অনুসৰি, দেওবাৰে সংঘটিত হোৱা এই ঘটনাত তিনিজন লোকে বাপন পালক মূৰত প্ৰচণ্ড জোৰে প্ৰহাৰ কৰে। গুৰুতৰভাৱে আহত অৱস্থাত তেওঁক ততালিকে সোণাপুৰ জিলা চিকিৎসালয়লৈ নিয়াৰ পাছত উন্নত চিকিৎসাৰ বাবে প্ৰথমে GNRC আৰু পিছত GMCHলৈ স্থানান্তৰ কৰা হয়। কিন্তু চিকিৎসাধীন অৱস্থাতে বুধবাৰে নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত তিনিজন অভিযুক্তৰ ভিতৰত তপন দাস নামৰ এজনক সোণাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। লগতে আন এজন অভিযুক্ত ৰাখাল বৰ্মনকো আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আনহাতে, এই ঘটনাৰ তৃতীয় অভিযুক্ত কৰ্ণ বৰ্মণ বৰ্তমান পলাতক অৱস্থাত আছে।
এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাটোৰ উচিত তদন্ত আৰু দোষীসকলৰ কঠোৰ শাস্তিৰ দাবীত গাঁওখনৰ পুৰুষ-মহিলাই একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।
স্থানীয় ৰাইজে দ্ৰুত তদন্ত আৰু ন্যায় বিচাৰৰ দাবী জনাইছে।
