Pradyut Bordoloi ৰাজ্যৰ ৰাজনীতিত এক ডাঙৰ বিস্ফোৰণমূলক পৰিস্থিতিৰ সৃষ্টি হৈছে। নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগ সন্দৰ্ভত কংগ্ৰেছ দলৰ ভিতৰতেই চাঞ্চল্যকৰ দাবী উত্থাপন হৈছে।
অৱশেষত কংগ্ৰেছ ত্যাগ প্ৰদ্যুৎ বৰদলৈৰ। AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ। গৌৰৱ গগৈৰ কাম-কাজক লৈ খৰ্গহস্ত হৈ দল ত্যাগ । বৰদলৈক আক্ৰমণ কৰা নেতাক গামোচা পিন্ধাইছিল গৌৰৱ গগৈয়ে। তাৰ পাছতেই তীব্ৰ খং-ক্ষোভত আছিল নগাঁৱৰ সাংসদজন।
কংগ্ৰেছৰ মুখপাত্ৰ গণেশ বৰ্মনে দাঙৰ মন্তব্য আগবঢ়াই দাবী কৰিছে যে, প্ৰদ্যুৎ বৰদলৈয়ে ইতিমধ্যেই কংগ্ৰেছ দল ত্যাগ কৰিছে। কংগ্ৰেছৰ মিডিয়া কোষৰ তথ্য ৰাজহুৱা কৰি মুখপাত্ৰগৰাকীয়ে এই কথা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে, প্ৰদ্যুৎ বৰদলৈয়ে দলত্যাগ কৰিব পাৰে বুলি ইতিমধ্যেই ৰাজনৈতিক মহলত জোৰ চৰ্চা চলি আছিল। তাৰ মাজতে কংগ্ৰেছৰ ভিতৰৰ এই মন্তব্যই ৰাজ্যৰ ৰাজনীতিত নতুনকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইয়াৰ মাজতে আমাৰ হাতত থকা বিশেষ সূত্ৰই জনোৱা মতে, বুধবাৰে পুৱা নতুন দিল্লীত প্ৰদ্যুৎ বৰদলৈয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখ কৰিবলগীয়া যে, মঙলবাৰে অনুষ্ঠিত বিজেপিৰ ক’ৰ কমিটীৰ বৈঠকৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদ্যুৎ বৰদলৈক বিজেপিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল। মুখ্যমন্ত্ৰীয়ে আনকি এইটোও উল্লেখ কৰিছিল যে, বৰদলৈয়ে বিজেপিত যোগদান কৰিলে তেওঁক সন্মানসহকাৰে এটা সমষ্টি এৰি দিয়া হ’ব।
এই সমগ্ৰ ঘটনাপ্ৰবাহে আগন্তুক নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাজনীতিত নতুন সমীকৰণ গঢ় লোৱাৰ স্পষ্ট ইংগিত প্ৰদান কৰিছে।
