Zubeen Garg । জুবিন গাৰ্গ মিউজিক LLPৰ স্বত্বাধিকাৰ লৈ নতুন বিতৰ্ক ।Zubeen Garg
জুবিন গাৰ্গ মিউজিক LLP”**ক লৈ নতুন চাঞ্চল্যৰ সৃষ্টি হৈছে। বিশ্বাসযোগ্য সূত্ৰই জনাইছে—জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে তাৰছেম মিটাল আৰু সিদ্ধাৰ্থ শৰ্মাই সংস্থাটোৰ মালিকীস্বত্ব হস্তগত কৰিবলৈ গুপ্ত চেষ্টা চলাইছিল।

গৰিমাই সদায় বিশ্বাস কৰিছিল যে এই সংস্থাটোৰ একমাত্ৰ স্বত্বাধিকাৰী আছিল জুবিন গাৰ্গ নিজেই। কিন্তু পিছে পিছে উত্থাপিত হৈছে গুৰুত্বপূর্ণ অভিযোগ—তাৰছেম আৰু সিদ্ধাৰ্থই নথিপত্ৰ প্ৰস্তুত কৰিছিল গোপনে, যাৰ বিষয়ে গৰিমাৰ কোনো তথ্যেই নাছিল।

গৰিমাই স্পষ্টকৈ জনাইছে, এই নথিপত্ৰবোৰ তেওঁ কেতিয়াও দেখা নাছিল আৰু তেওঁ কোনোদিনো অনুমতি বা স্বাক্ষৰ দিয়া নাছিল। ফলস্বৰূপে প্রশ্ন উঠিছে—সংস্থাটোৰ মালিকীস্বত্ব গোপনে হস্তগত কৰাৰ ষড়যন্ত্ৰ চলি আছিল নেকি?
