জুবিনৰ মৃত্যুৰ গোচৰ CBIলৈ হস্তান্তৰৰ আবেদন শ্যামকানুৰ । Zubeen Garg Death Case:

জুবিনৰ মৃত্যুৰ গোচৰ CBIলৈ হস্তান্তৰৰ আবেদন শ্যামকানুৰ । Zubeen Garg Death Case:

Zubeen Garg Death Case: জুবিনৰ মৃত্যুৰ গোচৰ CBIলৈ হস্তান্তৰৰ আবেদন শ্যামকানুৰ

জুবিন গাৰ্গৰ মৃত্যু-ৰহস্যত নতুন মোড়। গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তই মালয়েছিয়াৰ পৰা ১৭৪ পৃষ্ঠাজোৰা এটা লেখ আবেদন আগবঢ়াইছে। আবেদনখনত তেওঁ অসম আৰক্ষীৰ তদন্তত আস্থা নাথাকিবলৈ উল্লেখ কৰি গোচৰটো CBIলৈ হস্তান্তৰৰ আহ্বান জনাইছে।

শ্যামকানুৰ এই আবেদন মালয়েছিয়াত নটাৰী কৰা হয় আৰু তাত তেওঁ নিজৰ আত্মৰক্ষাৰ প্ৰচেষ্টা স্পষ্ট কৰিছে। আবেদনত উল্লেখ কৰা হৈছে— জুবিনৰ মৃত্যুৰ খবৰ তেওঁ প্ৰথমে পাইছিল সহঅভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ ফোনত।

তেওঁ উল্লেখ কৰিছে, ভাৰতত নিজকে অপৰাধী সজোৱাৰ কোনো ভিত্তি নাই, প্ৰমাণ অবিহনে CID তেওঁক লক্ষ্যবস্তু কৰি উঠিছে। লগতে মুখ্যমন্ত্ৰীৰ ‘এক্স’ পোষ্টৰ স্ক্ৰীণশ্বট, সংবাদ মাধ্যমত প্ৰকাশিত খবৰ, সামাজিক মাধ্যমত কৰা মন্তব্যৰ উদাহৰণ আনি CIDৰ তদন্তত পক্ষপাতিত্বৰ অভিযোগ কৰিছে।

শ্যামকানুৱে আবেদনত জনাইছে, CIDৰ তদন্তত বহু নেতিবাচক মন্তব্য দেখা গৈছে আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যই তেওঁক ন্যায় নোপোৱাৰ ভাবনা জন্মাইছে। সেয়েহে তেওঁ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ প্ৰসংগ উত্থাপন কৰি, তেনে বিষয়ত CBIৰ তদন্তৰ প্ৰয়োজনীয়তা স্মৰণ কৰাইছে।

আবেদনত ৰিয়া চক্ৰৱৰ্তী আৰু বিহাৰ চৰকাৰৰ উদাহৰণো দিয়া হৈছে। লগতে শ্যামকানুৱে দাবী কৰিছে, ছিংগাপুৰ আৰক্ষীয়ে তেওঁক অভিযুক্ত কৰা নাই আৰু ভাৰতত কোনো আইনী ভিত্তি নাথাকিয়েই তেওঁক অভিযুক্ত কৰা হৈছে।

শ্যামকানুৰ পৰিয়ালক কৰায়ত্ত নকৰিবলৈ আবেদনত অনুৰোধ কৰা হৈছে। লগতে তেওঁ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তদাৰকত তদন্ত হোৱাৰ আহ্বান জনাইছে।

আবেদনখনত উল্লেখ কৰা হৈছে— অসমত জীৱনৰ প্ৰতি ভাবুকি অহা, সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে তীব্ৰ মানসিক চাপৰ সন্মুখীন হ’ব লগা হৈছে শ্যামকানু। ITBPৰ জোৱানে তেওঁৰ ঘৰৰ সন্মুখত ‘জয় জুবিনদা’ ধ্বনি দিয়া কথাও আবেদনত উল্’লেখ কৰা হৈছে।

তদন্তকাৰী বিষয়াৰ মতে, এই গোচৰত জেৰাৰ সন্মুখীন হৈ শ্যামকানু আৰু সিদ্ধাৰ্থৰ পৰা বহু গুৰুত্বপূৰ্ণ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top