হামৰেণত জঘন্য কাণ্ড! দুবছৰ ধৰি নাবালিকা স্কুলীয়া ছাত্ৰীক যৌ*ন নিৰ্যাতনৰ অভিযোগ

হামৰেণত জঘন্য কাণ্ড! দুবছৰ ধৰি নাবালিকা স্কুলীয়া ছাত্ৰীক যৌ*ন নিৰ্যাতনৰ অভিযোগ

হামৰেণত জঘন্য কাণ্ড! দুবছৰ ধৰি নাবালিকা স্কুলীয়া ছাত্ৰীক **যৌ***ন নিৰ্যাতনৰ অভিযোগ

চাৰিগৰাকী বিবাহিত পুৰুষৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ, দুই শিক্ষকক চাকৰিৰ পৰা নিলম্বন শিক্ষা বিভাগৰ

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ সদৰ চহৰ হামৰেণত পোহৰলৈ আহিছে মানৱতাক লজ্জানত কৰা এক জঘন্য ঘটনা। এগৰাকী নাবালিকা স্কুলীয়া ছাত্ৰীক বিগত দুবছৰ ধৰি যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাই সমগ্ৰ পশ্চিম কাৰ্বি আংলং জিলাতে তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণ অনুসৰি, ভুক্তভোগী কিশোৰীগৰাকীয়ে অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়ৰে পৰাই নিৰ্যাতনৰ সন্মুখীন হৈ আহিছিল। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ অসহায় অৱস্থাৰ সুযোগ লৈ অভিযুক্তই দীৰ্ঘদিন ধৰি কিশোৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উঠিছে।

আনহাতে, এই জঘন্য কাণ্ডত চাৰিগৰাকী বিবাহিত পুৰুষ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। শেহতীয়াকৈ ভুক্তভোগী কিশোৰীগৰাকীৰ আত্মীয়ই সমগ্ৰ ঘটনা ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ পাছতে পোহৰলৈ আহে নিৰ্যাতনৰ ভয়ংকৰ তথ্য।

ইফালে, ঘটনা সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগে দুই শিক্ষকক চাকৰিৰ পৰা নিলম্বন কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে, অভিযোগ উত্থাপিত হোৱা অভিযুক্তসকলক বাতৰি যুগুত কৰা পৰলৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। অভিযুক্তক কৰায়ত্ত নকৰাক লৈ স্থানীয় ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইতিমধ্যে ঘটনাটোক কেন্দ্ৰ কৰি জিলাখনৰ সচেতন মহলৰ লগতে বিভিন্ন দল-সংগঠনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ভুক্তভোগী নাবালিকাগৰাকীক ন্যায় প্ৰদানৰ লগতে অভিযুক্তসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top