Hormuz system । মধ্যপ্ৰাচ্যত পুনৰ জুই জ্বলিছে। আমেৰিকা আৰু ইৰাণৰ মাজত বৃদ্ধি পোৱা উত্তেজনাই কেৱল আঞ্চলিক স্থিতিশীলতাকেই নহয়, সমগ্ৰ বিশ্ব অৰ্থনীতিকো গভীৰ সংকটৰ ফালে ঠেলি নিছে। বিশেষকৈ হৰমুজ প্ৰণালী বন্ধ হোৱাৰ আশংকাই বিশ্বজুৰি ইন্ধন আৰু গেছৰ যোগান ব্যৱস্থাত ডাঙৰ ধাক্কা মাৰিছে।
হৰমুজ প্ৰণালী বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্য পথসমূহৰ ভিতৰত অন্যতম। এই পথৰ জৰিয়তে বিশ্বৰ প্ৰায় এক-তৃতীয়াংশ তেল পৰিবহণ কৰা হয়। এনে পৰিস্থিতিত যদি এই পথ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে, তেন্তে তাৰ প্ৰভাৱ কেৱল মধ্যপ্ৰাচ্যতেই সীমাবদ্ধ নাথাকে—ই বিশ্বজুৰি মূল্যবৃদ্ধি, মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক অস্থিৰতা বৃদ্ধি কৰিব।
বৰ্তমান পৰিস্থিতিত আমেৰিকাৰ কঠোৰ মনোভাৱ আৰু ইৰাণৰ প্ৰত্যাক্ৰমণমূলক পদক্ষেপে যুদ্ধৰ সম্ভাৱনাক অধিক তীব্ৰ কৰি তুলিছে। ডোনাল্ড ট্ৰাম্পৰ সতৰ্কবাণী আৰু সামৰিক কাৰ্যকলাপৰ ভাষাই এই সংঘাত কিমান গভীৰ স্তৰত উপনীত হৈছে সেয়া স্পষ্টকৈ প্ৰকাশ কৰে। আনহাতে, ইৰাণেও নিজৰ কৌশলগত অৱস্থান স্পষ্ট কৰি হৰমুজ প্ৰণালীৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখাৰ কথা ঘোষণা কৰিছে, যি বিশ্ব শক্তি বজাৰৰ বাবে এক ডাঙৰ সংকেত।
এই সংঘাতৰ আটাইতকৈ বেয়া প্ৰভাৱ পৰিছে উন্নয়নশীল দেশসমূহত। ভাৰতৰ দৰে দেশত ইতিমধ্যে পেট্ৰ’ল-ডিজেল আৰু এলপিজিৰ দাম বৃদ্ধি পাইছে, যাৰ ফলত সাধাৰণ জনতাৰ জীৱন-যাত্ৰাৰ ব্যয় বৃদ্ধি পাইছে। খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি যাতায়াত খৰচলৈকে সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰভাৱ পৰিছে।
এই প্ৰেক্ষাপটত বিশ্ব শক্তিসমূহৰ বাবে একমাত্ৰ সমাধান হৈছে কূটনৈতিক আলোচনা আৰু শান্তিপূৰ্ণ সমাধান। যুদ্ধৰ পথ কেতিয়াও স্থায়ী সমাধান দিব নোৱাৰে; বৰঞ্চ ই নতুন সংকটৰ জন্ম দিয়ে।
অতএব, আমেৰিকা আৰু ইৰাণ দুয়োখন দেশেই সংযম অৱলম্বন কৰি আলোচনাৰ মেজলৈ ঘূৰি আহাটো অত্যন্ত জৰুৰী। অন্যথা, হৰমুজ সংকটে কেৱল তেলৰ বজাৰেই নহয়, সমগ্ৰ বিশ্ব অৰ্থনীতিকো এক গভীৰ অন্ধকাৰৰ ফালে ঠেলি দিব পাৰে।
