গোৱালপাৰা জিলাৰ কৃষ্ণাইত এক বিদ্যালয়ক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যকৰ পৰিস্থিতি। কৃষ্ণাইৰ হাব্ৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত শ্ৰেণী কোঠাৰ ভিতৰতে একাংশ ছাত্ৰই নিষিদ্ধ মাংস ভক্ষণ কৰা আৰু আন দুজন ছাত্ৰক জোৰকৈ খুৱাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনাটো পোহৰলৈ আহাৰ পিছতে বিদ্যালয়খন আৰু অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, নৱম শ্ৰেণীৰ ছাত্ৰ সুমিত আলমে বিদ্যালয়লৈ গো-মাংস অনা বুলি কোৱা হৈছে। এই ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা সুমিত আলমক আৰক্ষীয়ে আটক কৰিছে।
ইয়াৰ লগতে, আৰক্ষীয়ে সুমিত আলমৰ মাতৃ নুৰ চাহিদা বেগমকো গ্ৰেপ্তাৰ কৰিছে। ঘটনাটোৰ সম্পৰ্কত অধিক তথ্য সংগ্ৰহৰ বাবে আন চাৰি জন ছাত্ৰকো কৃষ্ণাই আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰি ৰাখিছে।
অভিযোগত কোৱা হৈছে যে, বিদ্যালয়খনত অধ্যয়নৰত দুজন হিন্দু ছাত্ৰক জোৰকৈ এই মাংস খুৱাবলৈ চেষ্টা কৰা হৈছিল। অৱশ্যে, এই অভিযোগসমূহৰ সত্যতা সম্পূৰ্ণৰূপে নিশ্চিত কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
এই ঘটনাৰ পিছত অভিভাৱক, স্থানীয় লোক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আৰক্ষীয়ে এলেকাটোত সতৰ্কতা বৃদ্ধি কৰিছে।
প্ৰশাসনে জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰু কোনো ধৰণৰ গুজৱত বিশ্বাস নকৰিবলৈ অনুৰোধ জনাইছে।
