Goalpara Accident । গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত বুধিপাৰা অঞ্চলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। বিবাহ সম্পন্ন কৰি ঘৰমুৱা হোৱা সময়তে বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হোৱাত দৰাৰ জ্যেষ্ঠ ভাতৃসহ দুজন লোকৰ মৃত্যু হয়।

জানিব পৰা অনুসৰি, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা এখন বিবাহযাত্ৰীৰ বাছ আৰু এখন মেজিক গাড়ীক এখন দ্ৰুতবেগী ট্ৰাকে খুন্দা মাৰে। ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
এই দুৰ্ঘটনাত নিহত লোক দুজন হৈছে নৰেশ দাস আৰু ৰবি দাস। নিহত নৰেশ দাস হৈছে দৰা বিষ্ণু দাসৰ জ্যেষ্ঠ ভাতৃ। দুৰ্ঘটনাত একাধিক লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলক তৎক্ষণাৎ উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, দৰাৰ ঘৰ ধুবুৰী জিলাৰ গোলকগঞ্জৰ উত্তৰ ৰায়পুৰত। গোৱালপাৰাৰ বুধিপাৰাত বিবাহ অনুষ্ঠান সম্পন্ন কৰি ঘৰলৈ উভতি অহাৰ সময়তেই এই দুৰ্ঘটনাটো সংঘটিত হয়।
খবৰ পোৱাৰ লগে লগে আগিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় আৰু দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰে।
এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ সৃষ্টি কৰিছে।
