আপোনাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ বটলটো সুৰক্ষিত নেকি? জানিবলৈ তলৰ চিহ্নটো চাওক । plastic water bottle

plastic water bottle । প্লাষ্টিকৰ বটল আমাৰ দৈনন্দিন জীৱনত অভিন্ন অংশ হৈ পৰিছে। ঘৰ-অফিচ-হোটেল-দোকান—সকলোতে পানীৰ বাবে প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰা হয়। কিন্তু এই অভ্যাস আপোনাৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে বুলি বহুতেই নাজানে। কিয়নো সকলো প্ৰকাৰৰ প্লাষ্টিকৰ বটল একেই মানদণ্ডৰ নহয়।

এটা প্লাষ্টিকৰ বটল ব্যৱহাৰৰ উপযুক্ত নে নহয়, সেইটো জানিবলৈ বটলটোৰ তলত থকা ত্ৰিভুজ চিহ্ন আৰু তাৰ মাজত থকা সংখ্যাটোক লক্ষ্য কৰক। সেই সংখ্যাই বটলটোৰ গুণমান আৰু ব্যৱহাৰৰ সময়কাল নিৰ্ধাৰণ কৰে।

কোন চিহ্নৰ অৰ্থ কি? জানো আহক—

১ নম্বৰ ত্ৰিভুজ চিহ্ন:
টেৰেপথেলেট জাতীয় পলিথিনে তৈয়াৰ কৰা এই বটল এবাৰৰ বাবেহে ব্যৱহাৰৰ উপযুক্ত। পুনৰ ব্যৱহাৰ কৰিলে বেয়া ৰাসায়নিক পদাৰ্থ মুকলি হৈ আপোনাৰ শৰীৰত যাব পাৰে।

৩ নম্বৰ ত্ৰিভুজ চিহ্ন:
এই ধৰণৰ পাত্ৰ পিভিচ (পলিভিনিল ক্ল’ৰাইড) দ্বাৰা প্ৰস্তুত। সাধাৰণতে এইবোৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰি। খোৱা-ৰন্ধা কাৰ্যত এই বটল ব্যৱহাৰ নকৰিব।

৪ নম্বৰ ত্ৰিভুজ চিহ্ন:
এল.ডি.পি.ই জাতীয় পলিথিনৰ এই পাত্ৰ একাধিকবাৰ ব্যৱহাৰ কৰিব পাৰি, কিন্তু এ সপ্তাহতকৈ বেছি নকৰাটোই ভাল।

৫ নম্বৰ ত্ৰিভুজ চিহ্ন:
সৰ্বাধিক সুৰক্ষিত। এই ধৰণৰ বটল আপুনি নিশ্চিন্ত মনেৰে বহুবার ব্যৱহাৰ কৰিব পাৰে। সাধাৰণতে পানীৰ বটল, খাদ্যৰ পাত্ৰ, ঔষধৰ বটল ইত্যাদিত এই চিহ্ন থাকে।

৬ আৰু ৭ নম্বৰ ত্ৰিভুজ চিহ্ন:
এইবোৰ পলিস্টাইৰিন আৰু আন ক্ষতিকাৰক পদাৰ্থৰ দ্বাৰা প্ৰস্তুত। এইধৰণৰ পাত্ৰ খাদ্য বা পানী ৰখাত একেবাৰে ব্যৱহাৰ নকৰিব।

৭ আৰু ৮ নম্বৰ ত্ৰিভুজ চিহ্ন:
এই ধৰণৰ প্লাষ্টিক অত্যন্ত হানিকাৰক। ৰাসায়নিক বিক্ৰিয়াৰে আপোনাৰ শৰীৰত বিষ সৃষ্টি কৰিব পাৰে। এইবোৰ পাত্ৰ ভুলতো ব্যৱহাৰ নকৰিব।

বিশেষজ্ঞৰ মতে, প্লাষ্টিকৰ সামগ্ৰী যিমান কম ব্যৱহাৰ কৰিব, শৰীৰৰ বাবে তাতোকেই ভাল। সেয়ে, পৰৱৰ্তী সময়ত প্লাষ্টিকৰ বটল হাতত লোৱাৰ আগতে তলৰ ত্ৰিভুজ চিহ্নটো চাবলৈ নাপাহৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top