সৃজনগ্ৰাম সমষ্টিৰ বাশবাৰী - ছালাবিলা পঞ্চায়তৰ নৱ নিৰ্বাচিত পঞ্চায়ত সদস্যৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ । panchayat election 2025

সৃজনগ্ৰাম সমষ্টিৰ বাশবাৰী – ছালাবিলা পঞ্চায়তৰ নৱ নিৰ্বাচিত পঞ্চায়ত সদস্যৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ । panchayat election 2025

panchayat election 2025 । নিৰ্বাচনী বিধি উলংঘা কৰি পঞ্চায়ত সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ অভিযোগ । বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ অন্তৰ্গত বাশবাৰী-ছালাবিলা পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডৰ নৱ নিৰ্বাচিত সদস্য ৰফিকুল ইছলামৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ মতে পঞ্চায়ত সদস্য হিচাপে নিৰ্বাচিত হবলৈ ২০১৮ চনৰ পিছত দুজনৰ বেছি সন্তান থাকিব নোৱাৰিব। কিন্তু নৱ নিৰ্বাচিত পঞ্চায়ত সদস্য ৰফিকুল ইছলামৰ দুজনতৈ অধিক সন্তান থকাৰ অভিযোগ ৰাইজৰ। আনকি সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে তৃতীয় পত্নীয়ে সন্তান জন্ম দিয়া বুলি উল্লেখ কৰিছে অভিযোগ কাৰী ৰাইজে

পঞ্চায়ত সদস্য ৰফিকুল ইছলামে নিৰ্বাচনী বিধি উলংঘা কৰি নিৰ্বাচিত হোৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে অভিযোগ কাৰী ৰাইজে।এই সংক্ৰান্তত জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top