‘গীৰ গাই’ ক্ৰয়ক লৈ বিতৰ্ক, নিজে অৱগত নাছিলোঁ: বিধায়ক দিগন্ত কলিতা

বিজেপিৰ বিধায়ক দিগন্ত কলিতা নিজৰ গীৰ জাতি গাই ক্ৰয়ক লৈ হোৱা বিতৰ্কৰ বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁ আশা নকৰিছিল এই বিষয়টোৱে ইমান আলোড়ন তুলি শিৰোনামা দখল কৰিব।

বিধায়কগৰাকীয়ে প্ৰকাশ কৰে, “মই গীৰ গাই ময়ো ক্ৰয় কৰিছিলো। বিধায়ক হোৱাৰ এবছৰৰ পাছতে ক্ৰয় কৰিছিলো। প্ৰায় ৮৯-৯০ হাজাৰ টকাৰ বিনিময়ত এই গাইখন কিনিছিলো। কিন্তু মই ভবা নাছিলোঁ যে এইটো ইমান বিতৰ্কৰ কাৰণ হ’ব। এতিয়া ‘গৰু চোৰ’ নামেৰে নামাকৰণো পাইছো।”

তেওঁ লগতে কয়, “গীৰ গাই কোনো অবৈধ উপায়ে কিনা নহয়। তাত কোনো অসাংবিধানিকতা নাই। এইটো এক সাধাৰণ খেতি-বাৰীৰ লগত জড়িত কাম। তথাপিও এইটো লৈ যি ধৰণৰ মন্তব্য আৰু সমালোচনা হৈছে, তাত মই হতবাক।”

উল্লেখযোগ্য যে, দিগন্ত কলিতাৰ গীৰ গাই ক্ৰয়ক লৈ যোৱা কেইটাদিনত সামাজিক মাধ্যমত তীব্ৰ সমালোচনা আৰু চৰ্চা চলি আছে। এই মন্তব্যৰে বিধায়কগৰাকীয়ে স্পষ্ট কৰিছে যে সমগ্ৰ প্ৰক্ৰিয়াই স্বচ্ছ আৰু নিয়মীয়াভাৱে সম্পন্ন হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top