যৌতুকত Brezza গাড়ী নাপাই বিয়াৰ ৰভাতলীৰ পৰাই উভতিল আৰক্ষীৰ জোৱান দৰা!
বিয়াৰ সাজেৰে ৰভা মণ্ডপত বহি ৰ’ল কইনা, দৰা ঘৰৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল পৰিয়ালৰ।
যৌতুকৰ দাবী পূৰণ নোহোৱাৰ বাবেই বিয়াৰ ৰভাতলীৰ পৰাই উভতি গ’ল দৰা। দৰা ঘৰে দাবী কৰা Brezza গাড়ীখন নাপাই বিয়া সম্পন্ন নকৰাকৈয়ে উভতি যোৱাৰ অভিযোগ উত্থাপন হৈছে দিল্লী আৰক্ষীৰ এগৰাকী জোৱানৰ বিৰুদ্ধে।
হাৰিয়ানাৰ ছোনিপত জিলাৰ ৰামনগৰত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি, গোৱানাৰ গান্ধী নগৰৰ বাসিন্দা কুলদীপ নামৰ দিল্লী আৰক্ষীত কৰ্মৰত যুৱকজনৰ সৈতে বিয়াৰ আয়োজন কৰা হৈছিল। কিন্তু বিয়াৰ দিনা দৰা ঘৰৰ ফালৰ পৰা দাবী কৰা Brezza গাড়ীখন লাভ নকৰাত দৰাই বিয়া নকৰাকৈয়ে ৰভাতলীৰ পৰা উভতি যায়।

ইফালে, বিয়াৰ সাজত ৰভা মণ্ডপতে বহি থাকিবলগীয়া হয় কইনা। ঘটনাৰ পিছতে দুয়োটা পৰিয়ালৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। অৱশেষত উপায়ন্তৰ হৈ কইনাৰ পৰিয়ালে দৰা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে।
ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
