জুবিন গাৰ্গৰ পৰিয়ালৰ সিদ্ধান্তত হস্তক্ষেপ নকৰে ৰাজ্য চৰকাৰে: মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ পৰিয়ালৰ সিদ্ধান্তত হস্তক্ষেপ নকৰে ৰাজ্য চৰকাৰে: মুখ্যমন্ত্ৰী

Writing

জুবিন গাৰ্গৰ পৰিয়ালৰ সিদ্ধান্তত হস্তক্ষেপ নকৰে ৰাজ্য চৰকাৰে: মুখ্যমন্ত্ৰী

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পৰিয়ালে গ্ৰহণ কৰা কোনো সিদ্ধান্ততে ৰাজ্য চৰকাৰে হস্তক্ষেপ নকৰে বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহনখন পৰিয়ালে বিক্ৰী কৰাৰ সিদ্ধান্তক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে জুবিন গাৰ্গৰ পৰিয়ালে নিজৰ বিবেচনা অনুসৰি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্তত চৰকাৰে কোনো ধৰণৰ হস্তক্ষেপ নকৰে।

আনহাতে, জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই ৰাজ্য চৰকাৰে পৰিয়ালটোক মাহিলী আৰ্থিক সাহায্য প্ৰদানৰ প্ৰস্তাৱ আগবঢ়াইছিল বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কিন্তু জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে বিনয়েৰে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল।

গৰিমা শইকীয়া গাৰ্গৰ এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহনখন পৰিয়ালে বিক্ৰী কৰাৰ বিষয়টোক লৈ বিভিন্ন চৰ্চা অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top