শিৱসাগৰত সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ কৰুণ মৃত্যু
শিক্ষকৰ প্ৰহাৰৰ পিছতে ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত লোৱাৰ অভিযোগ পৰিয়ালৰ
শিৱসাগৰত সংঘটিত হৈছে এক অতি শোকাৱহ ঘটনা। সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে শিৱসাগৰ চহৰত।
শিৱসাগৰ চহৰৰ হাবিৰাম বড়া পথৰ নিজ বাসগৃহত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে বিদ্যালয়ৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।
পৰিয়ালৰ অভিযোগ অনুসৰি, শিৱসাগৰৰ থানুৰাম গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকে দুদিন ধৰি ছাত্ৰীগৰাকীক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰিছিল। অভিযোগ অনুসৰি, প্ৰথম দিনা বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ সন্মুখত ২৫ বাৰ কাণত ধৰি উঠা-বহা কৰিবলৈ বাধ্য কৰাইছিল শিক্ষকগৰাকীয়ে। আনহাতে, দ্বিতীয় দিনাও সকলোৰে সন্মুখত ছাত্ৰীগৰাকীৰ পিঠিত এচাৰিৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।
শিক্ষকগৰাকীৰ এনে আচৰণৰ বাবেই ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত ল’বলগীয়া হ’ল বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। ছাত্ৰীগৰাকীক কিহৰ বাবে এনেদৰে শাস্তি প্ৰদান কৰা হৈছিল, তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে পৰিয়ালে।
ইতিমধ্যে অভিযুক্ত শিক্ষকগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়ালৰ লোকে। এই সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰো প্ৰস্তুতি চলাইছে পৰিয়ালে।
অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰু বিদ্যালয় কৰ্তৃপক্ষৰ বক্তব্যৰ পিছতহে সমগ্ৰ বিষয়টো স্পষ্ট হ’ব। পৰিয়ালৰ অভিযোগসমূহৰো নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন হৈছে।
