বজালীৰ ডুবিত শোকাৱহ ঘটনা! এবছৰীয়া কন্যাসহ মাতৃৰ ৰহস্যজনক মৃত্যু
বজালীৰ ডুবিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এবছৰীয়া কন্যা সন্তানসহ হিমাশ্ৰী দাসৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
প্ৰাথমিকভাৱে জানিব পৰা মতে, পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই কৰুণ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অভিযোগ অনুসৰি, শহুৰেক আৰু বৌয়েকৰ মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই।
জানিব পৰা মতে, পুৱাই কামলৈ ওলাই গৈছিল স্বামী অজয় বায়ন। কামৰ পৰা ঘৰলৈ উভতি আহি পত্নী হিমাশ্ৰী দাস আৰু এবছৰীয়া কন্যা সন্তানৰ নিথৰ দেহ প্ৰত্যক্ষ কৰে অজয়ে।
এই ঘটনাই সমগ্ৰ ডুবি অঞ্চলতে গভীৰ শোকৰ ছাঁ পেলাইছে। অৱশ্যে ঘটনাৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব। অভিযোগসমূহৰ সত্যতা আৰু মৃত্যুৰ আঁৰৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।
