শিৱসাগৰত কলেজীয়া ছাত্ৰীৰ ৰহস্যজনক মৃ**ত্যু

শিৱসাগৰত কলেজীয়া ছাত্ৰীৰ ৰহস্যজনক মৃ**ত্যু

শিৱসাগৰত কলেজীয়া ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

শিৱসাগৰত সংঘটিত হৈছে এগৰাকী কলেজীয়া ছাত্ৰীৰ কৰুণ মৃত্যু। শিৱসাগৰৰ বাবুপটিৰ ভিচন ছাত্ৰী নিবাসৰ দ্বিতীয় মহলাত উদ্ধাৰ কৰা হয় ছাত্ৰীগৰাকীৰ মৃতদেহ।

মৃত ছাত্ৰীগৰাকী জাঁজী আমগুৰিৰ পৰীস্মিতা দত্ত বুলি জানিব পৰা গৈছে। তেওঁ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ বি কম তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী আছিল।

ছাত্ৰীগৰাকীৰ মৃত্যুৰ আঁৰত প্ৰেমজনিত কাৰণ থাকিব পাৰে বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য নিশ্চিত হোৱা নাই।

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় শিৱসাগৰ আৰক্ষী। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

ছাত্ৰীগৰাকীৰ আকস্মিক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top