স্বামীৰ শাৰীৰিক-মানসিক নিৰ্যাতনত অতিষ্ঠ বাক্সাৰ মহিলা, মুখ্যমন্ত্ৰীলৈ ন্যায় বিচাৰি কাতৰ আহ্বান

স্বামীৰ শাৰীৰিক-মানসিক নিৰ্যাতনত অতিষ্ঠ বাক্সাৰ মহিলা, মুখ্যমন্ত্ৰীলৈ ন্যায় বিচাৰি কাতৰ আহ্বান

স্বামীৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনত অতিষ্ঠ হৈ পৰিছে বাক্সা জিলাৰ মুছলপুৰৰ এগৰাকী মহিলা। দীৰ্ঘদিন ধৰি স্বামীৰ নিৰ্যাতন সহ্য কৰি অৱশেষত উপায়বিহীন হৈ ন্যায় বিচাৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰ আহ্বান জনাইছে ভুক্তভোগী মহিলাগৰাকীয়ে।

ভুক্তভোগী নন্দিতা ৰাজবংশী বৰুৱাৰ অভিযোগ অনুসৰি, বিবাহৰ কিছুদিন পিছৰে পৰাই যৌতুক বিচাৰি স্বামী দীপাংকৰ বৰুৱাই তেওঁৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছে। আনহাতে, পৰকীয়া প্ৰেমৰ অভিযোগ উত্থাপন কৰিও স্বামীয়ে তেওঁক দীৰ্ঘদিন ধৰি মানসিকভাৱে হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে।

উল্লেখ্য যে, অভিযুক্ত দীপাংকৰ বৰুৱা অসম চৰকাৰৰ তামুলপুৰ জিলা পুথিভঁৰালত কৰ্মৰত বুলি জানিব পৰা গৈছে। চৰকাৰী চাকৰিয়াল হৈয়ো পত্নীৰ ওপৰত এনেদৰে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।

আনকি প্ৰাণনাশৰ ভাবুকিৰ সন্মুখীন হোৱাৰো অভিযোগ কৰিছে তেওঁ। দীৰ্ঘদিনীয়া নিৰ্যাতন আৰু ভাবুকি সহ্য কৰিব নোৱাৰি অৱশেষত ন্যায়ৰ আশাত মুখ্যমন্ত্ৰীৰ কাষ চাপিছে মহিলাগৰাকী।

সমগ্ৰ ঘটনাৰ উচিত আৰু নিৰপেক্ষ তদন্ত কৰি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে তেওঁক নিৰাপত্তা আৰু ন্যায় প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জিলা প্ৰশাসনলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী নন্দিতা ৰাজবংশী বৰুৱাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top