‘কেইটামান কথা কোৱাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ ’–কি কথা কোৱাৰ অনুভৱ কৰিলে গৰিমা গাৰ্গে ...

‘কেইটামান কথা কোৱাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ ’–কি কথা কোৱাৰ অনুভৱ কৰিলে গৰিমা গাৰ্গে …

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ২৫ অক্টোবৰৰ কাৰ্যসূচীলৈ গৰিমা গাৰ্গৰ সমৰ্থন

ন্যায়ৰ যুঁজ অব্যাহত ৰখাৰ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ
বিচাৰাধীন গোচৰৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকাৰ ক্ষেত্ৰত বাধ্যবাধকতা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী অব্যাহত থকাৰ মাজতে সামাজিক মাধ্যমযোগে বিশেষ পোষ্ট কৰিলে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ ন্যায় অসমীয়া জাতিৰ প্ৰাপ্য বুলি উল্লেখ কৰি তেওঁ ন্যায়ৰ দাবীত গ্ৰহণ কৰা সকলো শান্তিপূৰ্ণ, অহিংস আৰু গণতান্ত্ৰিক কাৰ্যসূচীলৈ পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন থকা বুলি স্পষ্ট কৰে।

ফেচবুকত কৰা পোষ্টটোত গৰিমা শইকীয়া গাৰ্গে কয় যে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা তেওঁলোকে জানিব পাৰিছে। ন্যায় বিচাৰি এই কাৰ্যসূচীসমূহ নিৰন্তৰভাৱে আৰু ঐক্যবদ্ধভাৱে অব্যাহত থাকিব লাগে বুলিও তেওঁ মত প্ৰকাশ কৰে।

অৱশ্যে, জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰটো আদালতত বিচাৰাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা প্ৰতিবাদী কাৰ্যসূচীত পৰিয়ালৰ উপস্থিতি সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে গৰিমা গাৰ্গে। তেওঁ উল্লেখ কৰে যে গোচৰটোৰ পৰিয়াল গুচৰীয়া হোৱাৰ বাবে একাধিক অভিজ্ঞ অধিবক্তাৰ পৰা পৰামৰ্শ লাভ কৰিছে। সেই পৰামৰ্শ অনুসৰি, ন্যায়পালিকাত বিচাৰ প্ৰক্ৰিয়া চলি থকা সময়ছোৱাত ৰাজহুৱা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকাটো উচিত নহয় বুলি তেওঁলোকে বিবেচনা কৰিছে।

২৫ অক্টোবৰত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অনুষ্ঠিত হ’বলগীয়া সভাখনলৈও পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন থকা বুলি পোষ্টটোত স্পষ্ট কৰে গৰিমা শইকীয়া গাৰ্গে। কিন্তু ন্যায়ৰ যুঁজখনৰ স্বাৰ্থতেই পৰিয়ালে নিজৰ বাধ্যবাধকতাসমূহ মানি চলিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।

ইফালে, ভাৰতীয় ন্যায় ব্যৱস্থা আৰু ন্যায়পালিকাৰ ওপৰত পৰিয়ালৰ সম্পূৰ্ণ আস্থা থকা বুলি উল্লেখ কৰি গোচৰটোৰ অগ্ৰগতি আৰু পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত নিৰ্ধাৰিত সময়ৰ অন্তৰে অন্তৰে চৰকাৰৰ পৰা ব্যাখ্যা আশা কৰে গৰিমা গাৰ্গে। এই ক্ষেত্ৰত পৰিয়ালৰ লগতে ৰাইজেও চৰকাৰৰ পৰা স্পষ্ট তথ্য লাভ কৰাৰ আশা প্ৰকাশ কৰে তেওঁ।

পোষ্টটোৰ শেষত সকলোকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰম দিবলৈ আহ্বান জনায় গৰিমা শইকীয়া গাৰ্গে। শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত সকলো কাৰ্যসূচী ঐক্যবদ্ধভাৱে আৰু শান্তিপূৰ্ণ পদ্ধতিৰে অব্যাহত ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে তেওঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top