বৰ্ণবিদ্বেষী মন্তব্যৰ অভিযোগত গ্ৰেপ্তাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আমিৰ শ্বৌকিন
ত্ৰিপুৰাৰ যুৱকক ‘চাইনীজ’ বুলি উপলুঙা কৰাৰ অভিযোগ, দিল্লীত উত্তৰ-পূবৰ লোকৰ নিৰাপত্তাক লৈ পুনৰ প্ৰশ্ন
দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ বিৰুদ্ধে বৰ্ণবিদ্বেষমূলক আচৰণৰ অভিযোগৰ মাজতে গ্ৰেপ্তাৰ হ’ল ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আমিৰ শ্বৌকিন। ত্ৰিপুৰাৰ এজন যুৱকৰ বিৰুদ্ধে বৰ্ণবিদ্বেষমূলক মন্তব্য কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি ত্ৰিপুৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, দিল্লীৰ সদৰ বজাৰ থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে আমিৰ শ্বৌকিনৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল। অভিযোগ উত্থাপিত হোৱাৰ পাছতে তেওঁ ঘৰৰ পৰা পলায়ন কৰিছিল বুলি জানিব পৰা গৈছে। দুপৰীয়াৰ ভাগত শ্বাহদৰাত তেওঁৰ অৱস্থানৰ সন্ধান লাভ কৰে আৰক্ষীয়ে। কিন্তু বাৰে বাৰে অৱস্থান সলনি কৰি থকাৰ বাবে তেওঁক কৰায়ত্ত কৰাটো আৰক্ষীৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছিল। অৱশেষত কাৰিকৰী নিৰীক্ষণৰ সহায়ত সন্ধিয়াৰ ভাগত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, ত্ৰিপুৰাৰ যুৱকজনক ‘চাইনীজ’ বুলি উপলুঙা কৰাৰ লগতে ত্ৰিপুৰা ৰাজ্যৰ নাম বিকৃত কৰি অশ্লীল মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে আমিৰ শ্বৌকিনৰ বিৰুদ্ধে। যোৱা ১৯ ছেপ্টেম্বৰত সামাজিক মাধ্যমত আপলোড কৰা তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
এই ঘটনাৰ পৰিপ্ৰেক্ষিতত যুৱ তিপ্ৰা ফেডাৰেচন আৰু তিপ্ৰা ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফেডাৰেচনে পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছিল। আনহাতে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই বিষয়টোক গুৰুত্বসহকাৰে লৈ দিল্লী আৰক্ষীৰ সৈতে যোগাযোগ কৰাৰ লগতে ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধানক তদন্তৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱেও দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক বৰ্ণবিদ্বেষৰ বলি হোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ঘটনাটোৰ ক্ষিপ্ৰ আৰু নিৰপেক্ষ তদন্তৰ বাবে তেওঁ দিল্লী আৰক্ষীক আহ্বান জনায়।

ইফালে, দেশৰ ৰাজধানী দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ নিৰাপত্তাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে। বিগত সময়ছোৱাত দিল্লীত উত্তৰ-পূবৰ লোক হত্যা, নিৰ্যাতন আৰু বৰ্ণবিদ্বেষৰ বলি হোৱা কেইবাটাও ঘটনা পোহৰলৈ আহিছে। এই সমস্যাৰ মোকাবিলা কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ অধীনত বিশেষ গোটো গঠন কৰা হৈছিল।
চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰত দিল্লীত মণিপুৰৰ ৫৪ বছৰীয়া সংগীত শিক্ষক চুংথাম বিক্ৰম সিঙক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। অভিযোগ অনুসৰি, সুৰাসক্ত যুৱকৰ এটা দলে শিক্ষকজনক হত্যা কৰিছিল।
এটাৰ পাছত আনটো এনে ঘটনাই দেশৰ ৰাজধানীত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ নিৰাপত্তা আৰু মৰ্যাদা ৰক্ষাৰ বিষয়টোক পুনৰ চৰ্চালৈ আনিছে। কেৱল বিশেষ গোট গঠন কৰাই নহয়, বৰ্ণবিদ্বেষমূলক আচৰণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু দোষীৰ শাস্তি নিশ্চিত কৰাটোহে এতিয়া অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।
Is this conversation helpful so far?
