বঙাইগাঁৱৰ হোটেলত চি এম ভিজিলেঞ্চৰ ডি এছ পিৰ মৃতদেহ উদ্ধাৰ, চাঞ্চল্য

বঙাইগাঁৱৰ হোটেলত চি এম ভিজিলেঞ্চৰ ডি এছ পিৰ মৃতদেহ উদ্ধাৰ, চাঞ্চল্য

বঙাইগাঁৱৰ হোটেলত চি এম ভিজিলেঞ্চৰ ডি এছ পিৰ মৃতদেহ উদ্ধাৰ, চাঞ্চল্য

বঙাইগাঁও চহৰৰ মাজমজিয়াৰ এখন হোটেলৰ কোঠাৰ পৰা চি এম ভিজিলেঞ্চৰ উপ-আৰক্ষী অধীক্ষক (ডি এছ পি) খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। হোটেল জাহ্নৱী ৰিজেন্সিৰ ১০২ নম্বৰ কোঠাৰ পৰা বৃহস্পতিবাৰে পুৱা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, খৰ্গেশ্বৰ ৰাভাই যোৱা ১৮ অক্টোবৰৰ পৰা হোটেলখনৰ উক্ত কোঠাটোত বাহৰ পাতি আছিল। হোটেল কৰ্তৃপক্ষই জনোৱা মতে, ২০ অক্টোবৰৰ নিশাও তেওঁ নিজৰ কোঠাতে আহাৰ গ্ৰহণ কৰিছিল। বৃহস্পতিবাৰে পুৱা কোঠাটোৰ পৰা দুৰ্গন্ধ নিৰ্গত হোৱাত হোটেল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষীৰ এটা দলৰ লগতে তেওঁৰ পত্নীও ঘটনাস্থলীত উপস্থিত হয় আৰু কোঠাটোৰ ভিতৰৰ পৰা ৰাভাৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

ঘটনাস্থলীত বঙাইগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ লগতে প্ৰশাসনৰ বিষয়াসকল উপস্থিত হয়। পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

ইফালে, জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জানিবলৈ দিয়া মতে, মৃত খৰ্গেশ্বৰ ৰাভা মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ শাখাত ডি এছ পি হিচাপে কৰ্মৰত আছিল। তেওঁ শাৰীৰিকভাৱেও অসুস্থ আছিল বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে। হোটেল কতৃপক্ষই জনোৱামতে অধিক মদ্যপান কৰিছিল৷


অৱশ্যে, ৰাভাৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে মৃত্যুৰ কাৰণ সম্পৰ্কে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top