পৰকীয়া সম্পৰ্কৰ অভিযোগত চিকিৎসক আটক, কাহিলীপাৰাত উত্তেজনা
গুৱাহাটীৰ কাহিলীপাৰাত পৰকীয়া সম্পৰ্কৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি। বৰপেটা মেডিকেল কলেজৰ সহকাৰী অধ্যাপক চিকিৎসক যোগেশ কাকতিক এগৰাকী বিবাহিত মহিলাৰ সৈতে আটক কৰা হৈছে।
অভিযোগ অনুসৰি, কাহিলীপাৰাৰ এটা ঘৰত গোপনে মহিলাগৰাকীৰ সৈতে থকা অৱস্থাত স্থানীয় ৰাইজ আৰু চিকিৎসকজনৰ প্ৰথমা পত্নীয়ে দুয়োকে হাতে-লোটে ধৰে। ইয়াৰ পিছতে চিকিৎসক যোগেশ কাকতি আৰু মহিলাগৰাকীক আৰক্ষীৰ হাতত গতাই দিয়ে।
জানিব পৰা মতে, প্ৰথমা পত্নীৰ সৈতে চিকিৎসকজনৰ বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে এই সম্পৰ্ক চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত প্ৰথমা পত্নীয়ে স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰো আহ্বান জনাইছে।
ঘটনাস্থলীত ৰাইজে চিকিৎসকজনক লৈ ক্ষোভ প্ৰকাশ কৰে। বৰ্তমান চিকিৎসক যোগেশ কাকতি আৰু মহিলাগৰাকীক কাহিলীপাৰা থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, পূৰ্বেও ২০১৮ চনত পৰকীয়া সম্পৰ্কৰ অভিযোগত চিকিৎসক যোগেশ কাকতি ভঙাগড় আৰক্ষীৰ জালত পৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।
ঘটনাটোক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। অৱশ্যে, অভিযোগসমূহৰ সত্যতা তদন্তৰ পাছতহে স্পষ্ট হ’ব।
