Nagaon নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী দেৱজিৎ শইকীয়াৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগ
নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা কেইবাখনো গাড়ী বিক্ৰী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ দেৱজিৎ শইকীয়া ওৰফে ‘বাচা’ৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসা, শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পত্নী কাকলি শইকীয়াই।

পত্নীগৰাকীৰ অভিযোগ অনুসৰি, বিবাহৰ এমাহৰ পিছৰে পৰাই দেৱজিৎ শইকীয়াই তেওঁক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছে। দীৰ্ঘদিন ধৰি অকথ্য অত্যাচাৰৰ সন্মুখীন হৈ আহিলেও সংসাৰ আৰু দুটি কন্যা সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁ সকলো সহ্য কৰি আহিছিল বুলি অভিযোগত উল্লেখ কৰিছে।

কাকলি শইকীয়াৰ দাবী অনুসৰি, শেহতীয়াকৈ স্বামীয়ে তেওঁক ডিঙি চেপি হত্যা কৰাৰো চেষ্টা কৰে। ইয়াৰ পিছতে তেওঁ আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে।

সংবাদমাধ্যমৰ আগত কান্দি কান্দি নিজৰ দুখৰ কথা প্ৰকাশ কৰি কাকলি শইকীয়াই কয়, “কুকুৰ-মেকুৰীতকৈও অধম হৈছে মোৰ জীৱন। সদায় নিজকে মানুহৰ পৰা লুকুৱাই ৰাখোঁ মই। মইতো ধ্বংস হৈছোঁ, মোৰ ছোৱালী দুজনীৰ জীৱনটোও ধ্বংস হৈছে।”

পত্নীগৰাকীয়ে অভিযোগ কৰে যে, বিবাহৰ পিছৰে পৰা তেওঁ অমানুষিক শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ আহিছে। অৱশেষত উপায় নাপাই আইনৰ কাষ চাপিবলৈ বাধ্য হোৱা বুলি তেওঁ জানিবলৈ দিয়ে।
ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে
