Jayanta Malla Baruah বিধানসভাত অখিল গগৈক লক্ষ্য কৰি জয়ন্ত মল্লবৰুৱাৰ কটাক্ষ, “ভগৱানে সুমতি দিয়ক”
অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনত পুনৰ মুখামুখি হয় বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈ। পুৰণি পেঞ্চন নীতি আৰু মৰগীয়া বানচক সম্পৰ্কীয় আলোচনাৰ সময়ত দুয়োপক্ষৰ মাজত তীব্ৰ বাক্যযুদ্ধৰ সৃষ্টি হয়।
আলোচনাৰ সময়ত অখিল গগৈয়ে চৰকাৰৰ স্থিতিক তাচ্ছিল্য কৰা বুলি অভিযোগ উত্থাপন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, বিধায়কগৰাকীয়ে সদনক উপলুঙা কৰিছে। এনে আচৰণৰ বাবে সদনৰ নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও তেওঁ দাবী উত্থাপন কৰে।
ইয়াৰ লগতে জয়ন্ত মল্লবৰুৱাই অখিল গগৈক উদ্দেশ্য কৰি কয়, “ভগৱানে অখিল গগৈক সুমতি দিয়ক।” এই মন্তব্যৰ পিছতে সদনত কিছু সময়ৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
উল্লেখ্য যে, পুৰণি পেঞ্চন নীতি আৰু মৰগীয়া বানচক বিষয়ক আলোচনাৰ সময়ত শাসক আৰু বিৰোধী পক্ষৰ মাজত তীব্ৰ বাদ-বিবাদ হয়। জয়ন্ত মল্লবৰুৱাৰ এই মন্তব্যই সদনত পুনৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে।
