দালালক ধন দি ঘৰত বহি থাকিলে নাপাব ড্ৰাইভিং লাইচেঞ্চ! অসম চৰকাৰৰ কঠোৰ সিদ্ধান্ত । DTO

দালালক ধন দি ঘৰত বহি থাকিলে নাপাব ড্ৰাইভিং লাইচেঞ্চ! অসম চৰকাৰৰ কঠোৰ সিদ্ধান্ত । DTO

DTO। এতিয়াৰে পৰা দালালৰ জৰিয়তে ঘৰত বহি ড্ৰাইভিং লাইচেঞ্চ লাভ কৰাৰ দিন শেষ হ’বলৈ গৈছে। ড্ৰাইভিং লাইচেঞ্চ প্ৰদান প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে নতুন কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ঘোষণা কৰিছে।

শুকুৰবাৰে পৰিবহন মন্ত্ৰী চৰণ বড়োৱে ৰাজ্যৰ পৰিবহন ব্যৱস্থাত একাধিক পৰিৱৰ্তনৰ কথা ঘোষণা কৰি কয় যে, ড্ৰাইভিং লাইচেঞ্চ প্ৰদানৰ ক্ষেত্ৰত শেহতীয়াকৈ সংঘটিত হোৱা বিভিন্ন অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগৰ বাবেই বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, এতিয়াৰে পৰা ড্ৰাইভিং লাইচেঞ্চৰ বাবে আবেদন কৰা প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাবে ড্ৰাইভিং টেষ্ট বাধ্যতামূলক হ’ব। কোনো পৰিস্থিতিত নিয়ম উলংঘা কৰি লাইচেঞ্চ প্ৰদান কৰা নহ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

আনহাতে, আবেদনকাৰীয়ে যিখন জিলাৰ স্থায়ী বাসিন্দা, সেই জিলাৰ পৰিবহন কাৰ্যালয়তে ড্ৰাইভিং লাইচেঞ্চৰ বাবে আবেদন কৰিব লাগিব। অন্য জিলাত গৈ আবেদন কৰাৰ সুযোগ আৰু নাথাকিব। ইয়াৰ উপৰিও অতি শীঘ্ৰেই ই-ৰিক্সাৰ ক্ষেত্ৰতো নতুন নিয়ম প্ৰৱৰ্তন কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

বৰ্তমানৰ নিয়ম অনুসৰি ড্ৰাইভিং লাইচেঞ্চ লাভৰ প্ৰক্ৰিয়া দুটা স্তৰত সম্পন্ন হয়। প্ৰথমে আবেদনকাৰীয়ে লাৰ্নাৰ লাইচেঞ্চ (Learner’s Licence) লাভ কৰিব লাগে। ‘সাৰথি’ প’ৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰাৰ পিছত যাতায়াতৰ নিয়ম সম্পৰ্কীয় অনলাইন পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। এই লাইচেঞ্চৰ বৈধতা ছয় মাহ আৰু এই সময়ছোৱাত বাহনত ‘L’ চিহ্ন লগোৱাৰ লগতে এজন স্থায়ী লাইচেঞ্চধাৰী ব্যক্তিৰ উপস্থিতি বাধ্যতামূলক।

লাৰ্নাৰ লাইচেঞ্চ লাভ কৰাৰ ৩০ দিন পিছৰ পৰা ১৮০ দিনৰ ভিতৰত স্থায়ী ড্ৰাইভিং লাইচেঞ্চৰ বাবে আবেদন কৰিব পাৰি। ইয়াৰ বাবে আৰটিঅ’ (RTO) কাৰ্যালয় বা নিৰ্ধাৰিত টেষ্ট ট্ৰেকত ড্ৰাইভিং পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। পৰীক্ষাত বিফল হ’লে সাত দিন পিছত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ থাকিব।

উল্লেখযোগ্য যে, নিয়ম অনুসৰি এই সমগ্ৰ প্ৰক্ৰিয়া থাকিলেও ৰাজ্যৰ বহু পৰিবহন কাৰ্যালয়ত দীৰ্ঘদিন ধৰি দালাল চক্ৰৰ জৰিয়তে অনিয়মেৰে লাইচেঞ্চ প্ৰদানৰ অভিযোগ উত্থাপিত হৈ আহিছে। বহু ক্ষেত্ৰত আবেদনকাৰী কাৰ্যালয়লৈ নাহিয়েও লাইচেঞ্চ লাভ কৰাৰ অভিযোগে সাধাৰণ ৰাইজৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল।

এতিয়া পৰিবহন মন্ত্ৰীৰ এই কঠোৰ নিৰ্দেশ বাস্তৱায়নৰ পিছত ড্ৰাইভিং লাইচেঞ্চ প্ৰদান ব্যৱস্থাত কিমানখিনি স্বচ্ছতা আৰু শৃংখলা ঘূৰি আহে, সেয়া সময়ৰ গৰ্ভতেই নিৰ্ভৰ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top