কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম ; আজি মুকলি হ'ল মন্দিৰৰ দুৱাৰ ।Maa Kamakhya Temple

কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম ; আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ ।Maa Kamakhya Temple

Maa Kamakhya Temple ভাৰতীয় সংস্কৃতিৰ ‘অতিথি দেৱো ভৱ’ আদৰ্শক নিখুঁত ৰূপত প্ৰতিফলিত কৰিছে অম্বুবাচী মেলাই :: পৰ্যটন মন্ত্ৰী অজন্তা নেওগ

ভক্তি আৰু আধ্যাত্মিকতাৰ অনন্য সমাহাৰেৰে আজি সামৰণি পৰিল অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত নীলাচল পাহাৰত অৱস্থিত দেশৰ অন্যতম শক্তিপীঠ মা কামাখ্যা দেৱালয়ত আয়োজন কৰা পৱিত্ৰ অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ। যোৱা ২২ জুনৰ নিশা অম্বুবাচী প্ৰবৃত্তিৰ পিছত আজি চতুৰ্থ দিনা পুৱাই সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত শুদ্ধিকৰণ, দেৱী স্নান আৰু নিত্য পূজাৰ পিছতেই ভক্ত/দৰ্শনাৰ্থীৰ বাবে কামাখ্যা ধামৰ দুৱাৰ মুকলি কৰা হয়। নিশাৰে পৰা মাৰ দৰ্শনৰ বাবে শাৰী পাতি অপেক্ষা কৰি থকা লক্ষ লক্ষ ভক্তৰ অধীৰ আগ্ৰহৰ অন্ত পেলাই আজি পুৱা ভক্তক মন্দিৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হয়। আজি অন্তিম দিনালৈকে কামাখ্যা মন্দিৰত অভিলেখ সংখ্যক ভক্তৰ সমাগম হয়। এইবাৰ অম্বুবাচী উপলক্ষে কামাখ্যা মন্দিৰত ৭,৯৬,৭৭৭ গৰাকী ভক্ত/দৰ্শনাৰ্থীৰ আগমন ঘটে। মেলাত ৭৫ গৰাকী বিদেশী ভক্তৰো সমাগম হয়। বিগত বৰ্ষত অম্বুবাচী মহাযোগ মেলালৈ অহা ভক্ত/ দৰ্শনাৰ্থীৰ সংখ্যা আছিল ৭,৭২,০১৯ গৰাকী আৰু ৪২ গৰাকী বিদেশী ভক্ত/দৰ্শনাৰ্থীৰ আগমন হৈছিল।

পৰ্যটন ইত্যাদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগে ভক্ত/দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ এই অম্বুবাচী মেলালৈ অহা ভক্ত, সাধু-সন্ন্যাসী, তীৰ্থযাত্ৰী আৰু দেশ-বিদেশৰ পৰ্যটকসকলক কৃতজ্ঞতা জ্ঞাপন কৰি অনাগত সময়তো এই পৱিত্ৰ দেৱালয় দৰ্শনৰ বাবে আহিবলৈ তেওঁলোকৰ প্ৰতি আহ্বান জনায়।

তেওঁ কয় যে অসমৰ পৰ্যটনৰ সম্ভাৱনাক এক অনন্য মাত্ৰা প্ৰদান কৰা অম্বুবাচী মহাযোগ মেলাই কেৱল আধ্যাত্মিকতাৰ ক্ষেত্ৰখনকেই নহয়, ভাৰতীয় সংস্কৃতিৰ ‘অতিথি দেৱো ভৱ’ আদৰ্শক অতি নিখুঁত ৰূপত প্ৰতিফলিত কৰি আহিছে। আধ্যাত্মিকতা, আস্থা, সম্প্ৰীতি আৰু পৰম ভক্তিৰ মহামিলনস্থলীত পৰিণত হোৱা অম্বুবাচী মেলাই ৰাজ্যখনৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্যক এনেকৈয়ে বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ মেলা সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা চৰকাৰৰ প্ৰতিটো বিভাগক ধন্যবাদ জনোৱাৰ লগতে সহায়ৰ হাত আগবঢ়োৱা বেচৰকাৰী সংস্থাসমূহক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে সমন্বিত প্ৰচেষ্টাৰেহে এনে এটা বৃহৎ কাৰ্যসূচী সফল কৰি তোলাটো সম্ভৱ।

উল্লেখ্য যে ২০১৩ চনৰ পৰা পৰ্যটন বিভাগে অম্বুবাচী মেলাৰ আয়োজন কৰি আহিছে। প্ৰতি বছৰে এই মেলাত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা লাখ লাখ ভক্তৰ আগমন হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top