CONGRESS ।অসম প্ৰদেশ কংগ্ৰেছত চলি থকা অন্তঃকন্দল এতিয়া নতুন পৰ্যায়ত উপনীত হৈছে। দলৰ ভিতৰত সৃষ্টি হোৱা সংঘাতৰ তদন্ত কৰিবলৈ দিল্লীৰ পৰা বিশেষ দায়িত্ব লৈ গুৱাহাটীলৈ আহিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ড০ বিক্ৰান্ত ভূৰিয়া।
সূত্ৰৰ তথ্য অনুসৰি, ২১ মে’ত ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ পৰ্যালোচনা বৈঠকত প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ আৰু যুৱ কংগ্ৰেছৰ সভাপতি তথা আগলাপুৰ-কাটলিচেৰাৰ বিধায়ক জুবেইৰ আলমৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল।
অভিযোগ অনুসৰি, বৈঠকত পলমকৈ উপস্থিত হোৱাৰ বাবে গৌৰৱ গগৈয়ে জুবেইৰ আলমক প্ৰশ্ন কৰিছিল। কিছু সময় পিছত বৈঠকত উপস্থিত হোৱা প্ৰাক্তন বিধায়ক দিগন্ত বৰ্মনক একে ধৰণে প্ৰশ্ন নকৰাত আপত্তি জনাই গৌৰৱ গগৈক উভতি ধৰে জুবেইৰ আলম। পৰিস্থিতি ইমানেই উত্তপ্ত হৈছিল যে, জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে বুজাবলৈ চেষ্টা কৰিলেও জুবেইৰে তেওঁকো উভতি ধৰা বুলি জানিব পৰা গৈছে।

দলীয় সূত্ৰই দাবী কৰা মতে, এই ঘটনাৰ পিছত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি দুয়োপক্ষই নিজ নিজ অনুগামীক দায়িত্ব দিয়াৰ জৰিয়তে ক্ষমতাৰ প্ৰদৰ্শনো কৰিছিল। ঘটনাৰ খবৰ দিল্লীলৈ পোৱাৰ পিছতেই তদন্তৰ সিদ্ধান্ত লোৱা হয়।
২৫ জুনত গুৱাহাটীলৈ অহা ড০ বিক্ৰান্ত ভূৰিয়াই সেইদিনা ৰাজীৱ ভৱনত উপস্থিত থকা নেতাসকলৰ সৈতে আলোচনা কৰি ঘটনাৰ সবিশেষ জানিব। লগতে জুবেইৰ আলমে ইচ্ছাকৃতভাৱে গৌৰৱ গগৈক লঘু কৰাৰ উদ্দেশ্যে এই সংঘাত সৃষ্টি কৰিছিল নেকি, সেই বিষয়েও অনুসন্ধান চলোৱা হ’ব।
ইয়াৰ মাজতে দলীয় মহলত জোৰদাৰ চৰ্চা হৈছে যে, জুবেইৰ আলমক যুৱ কংগ্ৰেছৰ সভাপতিত্বৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হ’ব পাৰে। একে সময়তে নতুন যুৱ কংগ্ৰেছ সভাপতি আৰু নতুন কমিটি গঠনৰ বিষয়টোও আলোচনা হ’ব বুলি জানিব পৰা গৈছে।
আনহাতে, ২৯ জুনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপাল গুৱাহাটীলৈ আহিব আৰু ৩০ জুনত ৰাজ্যিক নেতৃত্বৰ সৈতে সাংগঠনিক বিষয়ত বৈঠকত মিলিত হ’ব।
উল্লেখযোগ্য যে, এই সমগ্ৰ বিষয়ত কংগ্ৰেছ দলৰ ফালৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা প্ৰকাশ কৰা হোৱা নাই। সেয়ে জুবেইৰ আলমৰ দায়িত্ব সলনি বা অপসাৰণৰ বিষয়সমূহ এতিয়াও দলীয় সূত্ৰভিত্তিক তথ্য হিচাপেই বিবেচিত হৈছে।
