Days after ‘killing’ for love, Siya and Chetan turn on each other: Police । পুনেৰ ব্যৱসায়ী কেতন আগৰৱাল হত্যাকাণ্ডক কেন্দ্ৰ কৰি তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে একাধিক নতুন তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ সূত্ৰৰ মতে, অভিযুক্ত ছিয়া গোৱেল আৰু চেতন চৌধুৰীৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ বিষয়ে ছিয়াৰ পৰিয়াল অৱগত আছিল। যদিও এই সম্পৰ্কত পৰিয়ালৰ সন্মতি নাছিল বুলি জানিব পৰা গৈছে।

তদন্তকাৰী সংস্থাৰ তথ্য অনুসৰি, কেতন আগৰৱালক হত্যা কৰাৰ বাবে পূৰ্বৰ পৰাই পৰিকল্পনা কৰা হৈছিল। অভিযোগ অনুসৰি, কেইবাবাৰো চেষ্টা ব্যৰ্থ হোৱাৰ পিছত ১৮ জুনত লোহাগড় দুৰ্গত কেতনক ঠেলি তললৈ পেলোৱা হয়।
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কেতন আৰু ছিয়াৰ বাগদান সম্পন্ন হৈছিল। তাৰ পিছৰে পৰা ছিয়াৰ কেতনৰ ঘৰলৈ নিয়মিত অহা-যোৱা আছিল। কেতনৰ মাতৃয়ে জনোৱা মতে, তেওঁ ছিয়াক নিজৰ জীয়ৰীৰ দৰেই মৰম কৰিছিল। বিয়াৰ প্ৰস্তুতিক কেন্দ্ৰ কৰি তেওঁলোকে একেলগে বজাৰ কৰা, পৰিয়ালৰ সৈতে বাহিৰত আহাৰ গ্ৰহণ কৰা আদি ঘটনাও ঘটিছিল। সেয়ে এই ঘটনাই কেতনৰ পৰিয়ালক গভীৰভাৱে আঘাত দিছে।

তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, কেতনৰ সৈতে বাগদান সম্পন্ন হোৱাৰ আগতেই ছিয়া আৰু চেতনৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। সূত্ৰৰ দাবী অনুসৰি, ছিয়াৰ পৰিয়ালে এই সম্পৰ্কৰ বিষয়ে জানিছিল যদিও চেতনক ছিয়াৰ বাবে উপযুক্ত পাত্ৰ বুলি গণ্য কৰা নাছিল।

অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে ছিয়াৰ পৰিয়ালৰ কোনো সদস্যক এই হত্যাকাণ্ডৰ ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগত অভিযুক্ত কৰা নাই।
ইফালে, কেতনৰ পৰিয়ালৰ সদস্যসকলে আৰক্ষীক জনোৱা মতে, শেহতীয়াকৈ ছিয়াৰ অন্য এজন ব্যক্তিৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কক লৈ কেতন চিন্তিত আছিল। ছিয়াৰ কিছুমান ব্যক্তিগত বিষয় আৰু অতীতৰ কিছু ঘটনাক লৈও কেতনৰ মনত সন্দেহৰ সৃষ্টি হৈছিল বুলি পৰিয়ালে দাবী কৰিছে।

ঘটনাটোক নতুন মাত্ৰা প্ৰদান কৰিছে কেতনৰ পিতৃ অনিল আগৰৱালৰ মন্তব্যই। তেওঁ জনায় যে, প্ৰথমতে তেওঁলোকৰ পৰিয়ালে এই বিয়াৰ প্ৰস্তাৱ নাকচ কৰিছিল। সেই সময়ত কেতন বিয়াৰ বাবে সাজু নাছিল আৰু ছিয়াৰ বয়সো তুলনামূলকভাৱে কম বুলি তেওঁলোকে ভাবিছিল। কিন্তু পৰৱৰ্তী সময়ত ছিয়াৰ পৰিয়ালে বাৰে বাৰে যোগাযোগ কৰি সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ কৰাৰ পিছত অৱশেষত বাগদানত সন্মতি দিয়া হৈছিল।
উল্লেখ্য, ঘটনাটোৰ তদন্ত অব্যাহত আছে আৰু আৰক্ষীয়ে এতিয়াও বিভিন্ন দিশৰ পৰা তথ্য সংগ্ৰহ কৰি আছে। তদন্ত সম্পূৰ্ণ নোহোৱালৈকে সকলো অভিযোগক প্ৰাথমিক তথ্য হিচাপেই গণ্য কৰা হৈছে।
