Ration Card । ৰাজ্যত ৰেচন ব্যৱস্থাক অধিক স্বচ্ছ আৰু যোগ্য হিতাধিকাৰীৰ মাজত সীমাবদ্ধ ৰাখিবলৈ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে নতুন নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি চৰকাৰী বা বেচৰকাৰী চাকৰিত নিয়োজিত তথা আয়কৰ (ইনকাম টেক্স) প্ৰদান কৰা পৰিয়ালৰ ৰেচন কাৰ্ড বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।
বিভাগীয় সূত্ৰই জনোৱা মতে, বহু আৰ্থিকভাৱে সক্ষম পৰিয়ালেও এতিয়াও ৰেচন সুবিধা লাভ কৰি আছে। ইয়াৰ ফলত প্ৰকৃতভাৱে দৰিদ্ৰ আৰু যোগ্য হিতাধিকাৰীয়ে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিভাগে যোগ্যতা পুনৰ নিৰীক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
নতুন নিৰ্দেশনা অনুসৰি, যিসকল পৰিয়ালৰ সদস্য চৰকাৰী বা বেচৰকাৰী চাকৰিত নিয়োজিত, নিয়মিত আয় লাভ কৰে অথবা আয়কৰ দাখিল কৰে, সেইসকলৰ নাম হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ তথ্যৰ সৈতে ৰেচন কাৰ্ডৰ তথ্য মিলাই চোৱা হ’ব।
বিভাগে জিলা আৰু স্থানীয় কৰ্তৃপক্ষক অযোগ্য হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছে। যিসকল লোকে ভুৱা তথ্য প্ৰদান কৰি ৰেচন সুবিধা গ্ৰহণ কৰি আছে, তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।
ইফালে, এই সিদ্ধান্তৰ ফলত বহু পৰিয়ালৰ ৰেচন কাৰ্ড বাতিল হোৱাৰ সম্ভাৱনা দেখা দিছে। যদিও চৰকাৰে স্পষ্টকৈ জনাইছে যে, কেৱল প্ৰকৃতভাৱে আৰ্থিকভাৱে স্বচ্ছল আৰু চৰকাৰে নিৰ্ধাৰণ কৰা মানদণ্ডৰ বাহিৰত থকা পৰিয়ালৰ ক্ষেত্ৰতহে এই ব্যৱস্থা প্ৰযোজ্য হ’ব।
বিভাগে ৰেচন ব্যৱস্থাত স্বচ্ছতা অনাৰ লগতে যোগ্য হিতাধিকাৰীৰ মাজত খাদ্য সুৰক্ষা আঁচনিৰ সুবিধা নিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। তবে চৰকাৰীভাৱে চূড়ান্ত তালিকা প্ৰকাশৰ পিছতহে কোন কোন পৰিয়াল এই ব্যৱস্থাৰ আওতালৈ আহিব সেয়া স্পষ্ট হ’ব।
