Ambubachi Mela । অম্বুবাচী মহোৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে সনাতন জাগ্ৰত প্ৰহৰী (অসম)ৰ তৰফৰ পৰা আজি মা কামাখ্যা ধামত এক বিশেষ সেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

সংগঠনটোৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সম্পাদক মুকুট শৰ্মা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোবৰ্ধন ৰাভা আৰু কামৰূপ জিলাৰ মুখ্য সম্পাদক চিৰঞ্জিত শৰ্মাৰ নেতৃত্বত গঠন কৰা এটা স্বেচ্ছাসেৱী দলে মন্দিৰ চৌহদত উপস্থিত ভক্তসকলক বিভিন্ন ধৰণৰ সহায়-সহযোগিতা আগবঢ়ায়।
এই উপলক্ষে স্বেচ্ছাসেৱী দলটোৱে দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলক লঘু আহাৰ বিতৰণ কৰাৰ লগতে তেওঁলোকৰ সুবিধা-অসুবিধাৰ খবৰ লয়। ভক্তসকলেও সংগঠনটোৰ এই মানৱীয় পদক্ষেপক আদৰণি জনাই কৃতজ্ঞতা প্ৰকাশ কৰে।

সংগঠনটোৰ কৰ্তৃপক্ষই কয় যে, অম্বুবাচী মহোৎসৱৰ দৰে বৃহৎ ধৰ্মীয় অনুষ্ঠানত আগন্তুক ভক্তসকলৰ সেৱা কৰাটো এক মহান কৰ্তব্য। আগন্তুক দিনতো সমাজসেৱামূলক বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ কাষত থকাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে সনাতন জাগ্ৰত প্ৰহৰী (অসম)ই।
