উহ, আহ শব্দৰে কচৰৎ(আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছাৰে) । Poem

উহ, আহ শব্দৰে কচৰৎ(আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছাৰে) । Poem

Poem । উহ, আহ শব্দৰে কচৰৎ
(আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছাৰে)

আজি দেওবাৰ,
চৌদিশে হাই-হুলস্থূল, কিৰিলিৰ নাই পাৰ!

হঠাতে শুনিবলৈ পালো –
“উহ-উহ” কিছু মৃদু শব্দ,
কোনোবাই আকৌ কৈছে-
“আহ-আহ কৈ”
দেখিছোঁ সৰু-ডাঙৰ সকলোৱে,
শাৰী পাতি বহিছে।
শুনোতে কিবা এটা বেয়া লাগিছে
যেন অশ্লীল।

এজনে আগফালে থিয় হৈ নিৰ্দেশ দিছে –
“অলপ দিয়া লাহেকৈ…”
চিন্তা নকৰিব,
আৰাম পাব,
আকৌ চিঞৰি উঠিছে –
দেখোন পৰা নাই কোনেও ঠিককৈ!
পুনৰ ক’লে— “এইবাৰ অলপ খৰ কৰক…”
দিয়ক-দিয়ক,
লাহে-লাহে দি যাওঁক
“উহ-আহ” শব্দৰ মাজেৰেই,
বহুতে পাৰ্যমানে শৰীৰটো ইফাল-সিফাল কৰিছে।
এজনে আকৌ আনন্দতে কৈছে –
“বৰ ভাল লাগিছে দেই!”
এনেদৰে সদায় কৰা হয়।
অন্য এজনে বিষত কেঁকাই কৈছে –
“মই আৰু বিষত থাকিব পৰা নাই দেই,
ইমান বিষাইছে যে
কোৱাতো অসুবিধা হৈছে।

অৱশেষত দেখিলোঁ,
এইয়া আছিল কচৰৎ,
কচৰতত যোগাসনৰ
অন্তিম ক্ষণত –
শৰীৰ চৰ্চা কৰিছে সকলোৱে।
পিছে, সৱে মিলি একেলগে থিয় হৈছে,
আৰু হাঁহিমুখে কৈছে –
‘আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’!
পালন কৰক বিশ্ববাসীয়ে
সুস্থ হওক, সবল হওক
নিৰোগী হ’বলৈ চেষ্টা কৰক
জীয়াই থকাৰ উত্তম মাধ্যম যোগাসন।

খগেশ্বৰ দাস
(যুৱ সাংবাদিক ও সংবাদ সৌৰভ বঁটা প্ৰাপক)
পণ্ডিতঘাট,কাৰ্বি আংলং
মবাইল নং ঃ ৯১০১০৩১২২০

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top