-- কলাগুৰু --। Poem

Poem। — কলাগুৰু —
তুমি যাযাবৰী জীৱন
সংগ্ৰাম চলাই যোৱা
সংস্কৃতিৰ উজ্বল নক্ষত্ৰ
জিলিকি ৰ’লা কলাগুৰু হৈ।
অসমৰ থলুৱা গীত মাত
নৃত্যৰ অগাধ বুৎপত্তি ৰ
যি ক্ষমতা তাক দেখি
অভিভূত হৈ পৰো।
অসমীয়াৰ কৃষ্টি সংস্কৃতিৰ
পথাৰখন চহকী কৰি
নিৰ্ভিকভাৱে সাহসৰ
উৎস হৈ ডাঙি ধৰিলা।
সোন্দৰ্য্য পূজাৰী হৈ
কৃষ্টিৰ সাগৰৰ মুকুতা বিচাৰি
বৰ অসমৰ ধৰালৈ
মানিক বুটলি আনিলা।
সুকুমাৰ কলাৰে
সু নিপুণ খেলেৰে সহিতে
তুমি জিনি গ’লা
আশৈশৱ শিল্পী খিতাপ।

বিভা ৰাণী শেনছোৱা
শিৱসাগৰ দৰিকাপাৰ
পিন:-৭৮৫৬৯৭
ফোন :- ৯৯৫৭২৬০৩৬১

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top