কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে । Ambubachi Mela 2026

কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে । Ambubachi Mela 2026

Ambubachi Mela 2026 । অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত নীলাচল পাহাৰৰ অৱস্থিত দেশৰ অন্যতম শক্তিপীঠ মা কামাখ্যা মন্দিৰত আয়োজন কৰা পৱিত্ৰ অম্বুবাচী মহাযোগ ২০২৬’ আজি আধ্যাত্মিক পৰিৱেশত শুভ উদ্বোধন কৰা হয়। ২২ জুন অৰ্থাৎ আজি নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তিৰ লগে লগেই কামাখ্যা মন্দিৰৰ গৰ্ভগৃহৰ মূল দুৱাৰ বন্ধ হব আৰু অহা ২৬ জুন তাৰিখে নিবৃত্তিৰ পিছত বিশেষ পূজা অৰ্চনা কৰাৰ পিছত কামাখ্যা মন্দিৰৰ দুৱাৰ দৰ্শনাৰ্থী সকলৰ বাবে মুকলি কৰা হব।


পৰ্যটন ইত্যাদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে অম্বুবাচী মহযোগ ২০২৬’ মেলাৰ শুভ উদ্বোধন কৰে । তেওঁ লগতে এই অম্বুবাচী মেলালৈ অহা ভক্ত, সাধু-সন্ন্যাসী, তীৰ্থযাত্ৰী আৰু দেশ-বিদেশৰ পৰ্যটকসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

গুৱাহাটীৰ পাণ্ডু পৰ্টত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অম্বুবাচী মহাযোগ কেৱল এটা ধৰ্মীয় অনুষ্ঠানেই নহয়, ই অসমৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্য, সাংস্কৃতিক বৈচিত্ৰ্য আৰু আতিথ্যৰ এক অনন্য নিদৰ্শন। এই মহোৎসৱৰ জৰিয়তে অসমৰ পৰ্যটন সম্ভাৱনাই বিশ্বদৰবাৰত অধিক পৰিচিতি লাভ কৰিছে।


তেওঁ লগতে উল্লেখ কৰে যে ২০১৩ চনৰ পৰা পৰ্যটন বিভাগে অসম চৰকাৰৰ সহযোগত অম্বুবাচী মেলাৰ আয়োজন কৰি আহিছে।প্ৰতি বছৰে এই মেলাত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা লাখ লাখ ভক্তৰ আগমন হয় আৰু যোৱা ২৪ আৰু ২৫ বৰ্ষত প্ৰায় ৭.৫ লাখ ভক্তৰ আগমন ঘটে।এইবেলি অম্বুবাচী মহাযোগ মেলালৈ ৮ লাখতকৈও অধিক লোকৰ সমাগম হব বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে।কামাখ্যাত প্ৰতি বছৰে অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত হৈ অহাৰ লগেলগে বছৰৰ আন সময়তো কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটক অহা পৰিলক্ষিত হৈছে বুলি মন্ত্ৰী গৰাকীয়ে কয়।
নীলাচল পাহাৰত অৱস্থিত ভাৰতৰ অন্যতম শক্তিপীঠ কামাখ্যা মন্দিৰৰ এই অম্বুবাচী মহযোগৰ আধ্যত্মিক পৰিবেশলৈ অহা সমূহ ভক্ত আৰু পৰ্যটকৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে কয়।তেওঁ কয় যে পৰ্যটন বিভাগে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ সহযোগত যাতায়াত, পানীয় জল, স্বাস্থ্যসেৱা, পৰিচ্ছন্নতা, সুৰক্ষা আৰু তথ্য-সহায়ক কেন্দ্ৰসমূহৰ ব্যৱস্থা সুদৃঢ় কৰা হৈছে যাতে সকলো ভক্তই সুকলমে আৰু শান্তিপূৰ্ণভাৱে মেলাত অংশগ্ৰহণ কৰিব পাৰে।তেওঁ এই অম্বুবাচী মেলালৈ অহা ভক্ত সকলক বিভিন্ন ধৰণে সহায় কৰিবলৈ আগবাঢ়ি অহা বেচৰকাৰী প্ৰতিষ্ঠানৰ সমূহক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলো ৰাইজক অতিথি সকলক সেৱা আগবঢ়াই এই অম্বুবাচী মেলা সফল কৰি তুলিবলৈ তেওঁ আহ্বান জনায়।মন্ত্ৰীগৰাকীয়ে কয় যে অম্বুবাচী মহাযোগে আধ্যাত্মিক পৰ্যটনৰ ক্ষেত্ৰত অসমৰ বিশেষ স্থান প্ৰতিষ্ঠা কৰিছে।

আজিৰ এই অম্বুবাচী মেলা উদ্বোধনী অনুষ্ঠানত বিধায়ক বিজয় গুপ্তা,অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ দাস,পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা,পৰ্যটন বিভাগৰ সচিব দেৱজিৎ খনিকৰ,কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত স্বপ্নীল পাল, পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ বৰকটকী , স্থানীয় পাৰিষদ কল্লোল চক্ৰবৰ্তী, কামাখ্যা মন্দিৰ পৰিচালনা কৰা দলৈ সমাজৰ বৰ দলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মা,সৰু দলৈ হিমাদ্ৰী শৰ্মা,প্ৰমুখ্যে বিভিন্ন চৰকাৰী বিভাগৰ উচ্চপদস্থ বিষয়ববীয়া, বিশিষ্ট ব্যক্তি, সাধু-সন্ন্যাসী আৰু অসংখ্য ভক্ত উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top