৪০ লাখ টকাৰ দাবীত আৰক্ষীৰ জালত প্ৰিয়ংকা

৪০ লাখ টকাৰ দাবীত আৰক্ষীৰ জালত প্ৰিয়ংকা

ধনী ব্যক্তিক টাৰ্গেট কৰি ধন আদায়ৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে প্ৰিয়ংকা নামৰ এগৰাকী যুৱতী। অভিযোগ অনুসাৰে, পশ্চিমবংগৰ বাসিন্দা প্ৰিয়ংকাই ধনী-সম্ভ্ৰান্ত লোকক লক্ষ্য কৰি প্ৰথমে প্ৰেমৰ জালত পেলাই, তাৰ পিছত ব্ল্যাকমেইলৰ জৰিয়তে ধন দাবী কৰিছিল।

এই ঘটনাত প্ৰেমকুমাৰ নামৰ এজন ব্যক্তিক প্ৰিয়ংকাই প্ৰেমৰ অভিনয় কৰি বিশ্বাসত লৈছিল বুলি জানিব পৰা গৈছে। অভিযোগ মতে, দুয়োৰে মাজত অশালীন ভিডিঅ’ নিৰ্মাণ কৰা হয় আৰু সেই ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি প্ৰিয়ংকাই প্ৰেমকুমাৰৰ পৰা ৪০ লাখ টকা দাবী কৰিছিল।

ভুক্তভোগী ব্যক্তিজনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি প্ৰিয়ংকাক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই ধৰণৰ ব্ল্যাকমেইলিং চক্ৰৰ সৈতে আন কোনো লোক জড়িত আছে নে নাই, সেই সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে।

বৰ্তমান প্ৰিয়ংকাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু গোচৰৰ সকলো দিশ পৰীক্ষা কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছে আৰক্ষী প্ৰশাসনে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top