ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ — “এক বিশেষ পৰিস্থিতিত মই অব্যাহতি লোৱাৰ সিদ্ধান্ত লৈছোঁ”Bh askarjyoti Mahanta

ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ — “এক বিশেষ পৰিস্থিতিত মই অব্যাহতি লোৱাৰ সিদ্ধান্ত লৈছোঁ”Bh askarjyoti Mahanta

Bhaskarjyoti Mahanta । ৰাজ্যৰ প্ৰাক্তন ডিজিপি তথা মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তে বৃহস্পতিবাৰে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে। ৰাজ্যপাল লক্ষ্ণণ প্ৰসাদ আচাৰ্যলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছত মহন্তে সামাজিক মাধ্যমত এক বিশেষ পোষ্টৰ জৰিয়তে নিজৰ পদত্যাগৰ কাৰণ জনসম্মুখত উন্মোচন কৰিছে।

ভাস্কৰজ্যোতি মহন্তই লিখিছে, “এক বিশেষ পৰিস্থিতিত মই মুখ্য তথ্য আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত লৈছোঁ।” উল্লেখযোগ্যভাৱে, তেওঁ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন দাখিল হৈছে। সেইবোৰৰ পটভূমিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাস্কৰ মহন্তক পদত্যাগৰ পৰামৰ্শ দিছিল বুলি উৎসমুখে জানিব পৰা গৈছে।

পদত্যাগ পত্ৰ প্ৰেৰণৰ পাছত ভাস্কৰ মহন্তই নিজৰ পোষ্টত কয় —
“অৱসৰৰ পাছত ২০২৩ চনৰ এপ্ৰিল মাহত মুখ্য তথ্য আয়ুক্ত হিচাপে দায়িত্ব লৈ মই চেষ্টা কৰিছিলোঁ তথ্য জনাৰ অধিকাৰ আইনক নতুন দিশত আগবঢ়াবলৈ। অনলাইন ব্যৱস্থা প্ৰৱৰ্তন, কাগজমুক্ত কাৰ্যালয়, নিয়মীয়া শুনানি আৰু নিষ্পত্তি, ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুনানিৰ ব্যৱস্থা, সাধাৰণ নাগৰিকৰ সুবিধাৰ বাবে হাতপুথি প্ৰকাশ — এই সকলোবোৰৰ জৰিয়তে আয়োগক অধিক জনমুখী কৰাৰ চেষ্টা কৰিছিলোঁ।”

তেওঁ আগবঢ়াই কয়, “সি যি কি নহওক, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে মোৰ ভাতৃ শ্যামকানু মহন্তৰ নাম জড়িত হোৱা পৰিস্থিতিত, মোৰ বিবেকে কৈছিল — যদি তেখেতক লৈ কিবা তথ্য বিচাৰি আবেদন আহে, তেতিয়া মানুহৰ মনত সন্দেহ জন্মিব পাৰে। সেই সন্দেহৰ অৱকাশ নাথাকিবলৈ মই দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত লৈছোঁ।”

ভাস্কৰ মহন্তৰ বক্তব্য অনুসৰি, শেহতীয়াভাৱে এজন ব্যক্তিয়ে চৰকাৰৰ সাংস্কৃতিক পুঁজিৰ বিষয়ে, য’ত শ্যামকানু মহন্তৰ নামো আছে, তথ্য বিচাৰি RTI আবেদন দাখিল কৰিছে। আবেদনকাৰীয়ে ব্যক্তিগতভাৱে তেওঁক চিঠি লিখি সততা আৰু স্বচ্ছতাৰ ওপৰত বিশ্বাস প্ৰকাশ কৰে। মহন্তৰ ভাষাত — “মই দায়িত্বত থাকিলেও তেখেতে শুদ্ধ তথ্যই পালেহেঁতেন, তথাপি মানুহৰ মনত যাতে সন্দেহ নাথাকে, তাৰ স্বাৰ্থতে মই পদত্যাগৰ সিদ্ধান্ত লৈছোঁ।”

পদত্যাগৰ অন্তত ভাস্কৰজ্যোতি মহন্তে ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু আয়োগৰ সকলো সহকৰ্মীক ধন্যবাদ জনাই কয় — “অসম-মেঘালয় কেডাৰৰ আইপিএছ বিষয়া হিচাপে অসম মাতৃক সেৱা আগবঢ়াব পাৰাটো মোৰ বাবে গৌৰৱৰ কথা। মুখ্য তথ্য আয়ুক্ত হিচাপে দায়িত্ব পালনৰ সুযোগ পোৱাৰ বাবে মই ৰাজ্যপাল মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top