VeerLachitSenaAssam । ব্যৱসায়ীক ব্লেকমেইলিং কৰি ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বীৰ লাচিত সেনাৰ বহিষ্কৃত নেতা বিকাশ অসমক আজি জে’ললৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীৰ জিম্মাৰ মেয়াদ উকলি যোৱাৰ পাছত বিকাশ অসমক আজি আদালতত হাজিৰ কৰোৱা হয়।

আদালতে বিকাশ অসমক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ নকৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, ব্যৱসায়ীক ব্লেকমেইলিং কৰি অর্থ আদায়ৰ চেষ্টাৰ অভিযোগত কিছুদিন পূৰ্বে বিকাশ অসমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

এই ঘটনাই বীৰ লাচিত সেনাৰ অভ্যন্তৰীণ বিতৰ্ক আৰু সংগঠনৰ ভিতৰত অসন্তোষৰ নতুন পৰ্যায় উন্মোচন কৰিছে।
