Zubeen Garg and Garima Saikia । অসীম আৱেগ আৰু সন্মানৰ লগত আজি জুবিনক্ষেত্ৰ পৰিদৰ্শন কৰে সংগীত সম্ৰাট জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। পৰিদৰ্শনক্ৰমত তেওঁ কয় —
“জুবিনক্ষেত্ৰ খনক কেৱল আমি সমাধিক্ষেত্ৰ হিচাপে ৰাখিব বিচৰা নাই। জুবিনক্ষেত্ৰখন উপাসনাস্থলীলৈ পৰিণত হওঁক। যুৱপ্ৰজন্মই জুবিনৰ বিষয়ে জানিব পৰাকৈ, বুজিব পৰাকৈ আমি জুবিনক্ষেত্ৰখন মিৰ্মান কৰিম। জুবিন গাৰ্গৰ সত্ত্বাক জীয়াই ৰাখিব লাগিব।”
গৰিমা গাৰ্গে জনায়, জুবিনক্ষেত্ৰৰ সমীপৰ ভূমিত শীঘ্ৰেই স্থাপন হ’ব জুবিন গাৰ্গৰ মনলিথ, যি জনজাতীয় পৰম্পৰা অনুসৰি স্থানীয় যুৱকসকলে স্থাপন কৰিব। মনলিথৰ বাবে ইতিমধ্যে ৯ ফুট উচ্চতাৰ এটা জীয়া শিল বিচাৰি উলিওৱা হৈছে বুলি তেওঁ স্পষ্ট কৰে।
গৰিমাৰ ভাষ্য অনুসাৰে, জুবিনক্ষেত্ৰক বৃহৎ পৰিসৰত প্ৰাকৃতিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে, য’ত জুবিন গাৰ্গৰ সংগীত, চিন্তা আৰু জীৱনদৰ্শন একেলগে প্ৰতিফলিত হ’ব।
এই সুযোগত গৰিমা শইকীয়া গাৰ্গে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত — “‘ৰৈ ৰৈ বিনালে’ ছবিৰ টিকটৰ পৰা সংগ্ৰহ হোৱা SGST ‘কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছন’ক অৰ্পণ কৰা হ’ব” —ৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।
শেষত গৰিমা গাৰ্গে আবেগপূৰ্ণ ভাৱত কয় —
“জুবিনে দেখুওৱা বাটেৰে আমি আগবাঢ়িম। আৰ্তজনৰ সহায়ৰ বাবে কাম কৰি যাম — এটাই হ’ব জুবিনৰ প্ৰতি সৰ্বশ্ৰেষ্ঠ শ্রদ্ধাঞ্জলি।”
