জুবিনক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সকীয়নীঃ “জুবিনক গানেৰে নে মদেৰে জীয়াই ৰাখিম?”। Zubeen Garg

জুবিনক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সকীয়নীঃ “জুবিনক গানেৰে নে মদেৰে জীয়াই ৰাখিম?”। Zubeen Garg


Zubeen Garg । জুবিনক্ষেত্ৰত সুৰাপায়ী অনুৰাগীৰ উদ্ভণ্ডালিৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ কঠোৰ সতর্কবাণী উচ্চাৰণ কৰিছে। দেওবাৰে অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমৰ ৰাইজৰ সন্মুখত এটা গুৰুত্বপূৰ্ণ দায়িত্ব আহিছে — জুবিন গাৰ্গক আমি গানেৰে জীয়াই ৰাখিম নে মদেৰে জীয়াই ৰাখিম?”

তেওঁয়ে স্পষ্টকৈ উল্লেখ কৰে, “এচাম উদণ্ড লোকে জুবিন গাৰ্গক মদেৰে জীয়াই ৰাখিব বিচাৰে। কিন্তু অসমৰ ৩ কোটি ৫০ লাখ মানুহে জুবিনক সৃষ্টি, গান আৰু প্ৰতিভাৰে জীয়াই ৰাখিব বিচাৰে। কিছুমানে সমাজক জুবিনৰ অন্য এটা পৰিচয় দিব বিচাৰে, যি একদম অনুচিত।”

জনজাতীয় লোকৰ পৰম্পৰাগত সংস্কৃতিৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “জনজাতীয় লোকে মদ নাখায়, তেওঁলোকে পৰম্পৰাগত পানীয়—সাজ, ৰহি, আপং, লাউপানী আদি গ্ৰহণ কৰে। এইবোৰৰ বাবে কোনো অনুমতিৰ প্ৰয়োজন নাথাকে। কিন্তু মদ বিক্ৰী কৰিবলৈ অনুমতি লাগে। চৰকাৰে জনজাতীয় পৰম্পৰাগত পানীয়কো মদ বুলি দৰ্শাইছে, যি ভুল।”

মুখ্যমন্ত্ৰীয়ে জুবিনক্ষেত্ৰত সুৰাপান আৰু উদ্ভণ্ডালি কৰা কিছুমান অনুৰাগীৰ আচৰণক তীব্ৰ ভাষাত নিন্দা কৰি কয়, “জুবিনক্ষেত্ৰত হোৱা উদ্ভণ্ডালি কেতিয়াও মানি ল’ব নোৱাৰি। জুবিন গাৰ্গৰ নামত এনে কাম একেবাৰে অগ্রহণযোগ্য।”

শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়, “জুবিনক্ষেত্ৰক মন্দিৰ বা তীৰ্থস্থান ৰূপে গঢ়ি তোলাৰ বিষয়ে সিদ্ধান্ত লওক ৰাইজে। যদি জুবিন অনুৰাগীয়ে এনে সিদ্ধান্ত লয়, তেন্তে চৰকাৰেও সেইপথত আগবাঢ়িব আৰু প্ৰয়োজনীয় বল প্ৰয়োগ কৰিব।”

জুবিনক্ষেত্ৰত হোৱা সাম্প্ৰতিক উদ্ভণ্ডালিৰ পটভূমিত মুখ্যমন্ত্ৰীৰ এই মন্তব্যে ৰাজ্যজুৰি পুনৰ আলোচনা আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top