বৰকৈ মনত পৰিছে ‘গ’ল্ডী’ — মাজনিশা পুনৰ আৱেগিক গৰিমা গাৰ্গ । Garima Garg

বৰকৈ মনত পৰিছে ‘গ’ল্ডী’ — মাজনিশা পুনৰ আৱেগিক গৰিমা গাৰ্গ । Garima Garg


Garima Garg । জুবিন গাৰ্গৰ মৃত্যু পৰৱৰ্তী শোকৰ ছাঁ এতিয়াও আঁতৰি যোৱা নাই অসমবাসীৰ হৃদয়ৰ পৰা। প্ৰায় ডেৰ মাহ অতিক্ৰম হ’লেও আজিও শোকত ম্ৰিয়মান ৰাজ্যবাসী। স্বামীৰ অবিহনে যেন দিশহাৰা হৈ পৰিছে গৰিমা গাৰ্গ। প্ৰতিদিনে স্বামীৰ সোঁৱৰণত আৱেগিক হৈ পৰে তেওঁ। মাজনিশা সামাজিক মাধ্যমত গৰিমাই শ্বেয়াৰ কৰিছে এক গভীৰ অনুভৱৰ পোষ্ট, য’ত উজাগৰ হৈছে তেওঁৰ অন্তৰৰ যন্ত্ৰণা।

গৰিমাই লিখিছে —
“তুমি চাগে বহুত ব্যস্ত নহয়নে? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে। শেষ পৰ্য্যায়ৰ কামবোৰ নিৰীক্ষণ কৰিব লাগে। বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহেই। release plan চাব লাগে… নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব। অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব! প্ৰতিখন চিনেমাত কিবা এটাতো বঢ়াই নিব লাগিব!”

তেওঁৰ পোষ্টত প্ৰকাশ পাইছে গভীৰ বিৰহ আৰু সোঁৱৰণ। গৰিমাই আৰু লিখিছে —
“উফ্, ৰক্ষাই পোৱা নাই চাগে! সেইকাৰণে এটাও ফোন নাই ইমান দিনে। দৌৰা দৌৰিৰ কোবত লগ দিয়াটোতো সম্ভৱেই হোৱা নাই। একো নাই মই বুজি পাওঁ নহয়! আৰু ‘মিশ্যন চাইনা’ ৰিলীজৰ আগত অকণমানি লʼৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ এইবাৰ দেই। মানুহে আশা কৰাৰ দৰে যদি মই দিব নোৱাৰো কি হʼব? কি বোৰ যে চিন্তা কৰা তুমি!”

শেষত গৰিমাই লিখিছে এক হৃদয়বিদাৰক বাক্য —
“মই বাৰু সদায়ে আছো, বুকুত আলফুলে সাৱটি লৈ শুৱাই দিবলৈ। তথাপি ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই। কিন্তু ইমানদিন পাৰ হৈ গʼল তোমাক নেদেখাকৈ, মাত এটা নুশুনাকৈ, খবৰ এটা লʼব নোৱাৰাকৈ… বৰকৈ মনত পৰি আছে অʼ গ’ল্ডী! বহুত miss কৰিছোঁ তোমাক। এটা এটা মূহুৰ্ত কেনেকৈ পাৰ হৈছে, ক’ব নোৱাৰো একো! মই আছোনে নাই, নিজেই বুজি পোৱা নাই।”

এই আৱেগিক পোষ্টটো সামাজিক মাধ্যমত বেগেৰে ভাইৰেল হৈ পৰিছে। জুবিন অনুৰাগীয়ে মন্তব্যত লিখিছে — “জুবিন গাৰ্গৰ প্ৰতি গৰিমাৰ এই অন্তৰঙ্গ অনুভৱই প্ৰমাণ কৰে তেওঁৰ সঁচা প্ৰেম আৰু নিষ্ঠা”

ইফালে, জুবিনৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ ৩১ অক্টোবৰত অসমৰ ছবিগৃহসমূহত মুক্তি পাব। ছবিখনৰ কাম তদাৰক কৰি থকা গৰিমাই নিজেই জনাইছে — “এইখন ছবিখন জুবিনৰ আত্মাৰ সপোন, সেই সপোন পূৰণ হোৱাই মোৰ লক্ষ্য।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top