SIT । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে গঠিত বিশেষ তদন্তকাৰী গোট (SIT) ৰ প্ৰতিবেদন দাখিলৰ অন্তিম সময়সীমা ১০ ছেপ্টেম্বৰ, অৰ্থাৎ বুধবাৰ।

প্ৰসঙ্গত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানৰ লগত লিংক থকা বুলি তুলিছিল চাঞ্চল্যকৰ অভিযোগ। সেই সময়ৰ পৰা এতিয়ালৈকে এই ঘটনাক লৈ ৰাজ্যৰ ৰাজনীতিত তোলপাৰ সৃষ্টি হৈছে।

মঙলবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়—
👉 ‘‘SITৰ সময়সীমা আছিল ১০ ছেপ্টেম্বৰ। তেওঁলোকে মোৰ পৰা কোনো অতিৰিক্ত সময় বিচৰা নাই। যিহেতু এক্সটেনশ্বন বিচৰা হোৱা নাই, নিয়মমতে কাইলৈ প্ৰতিবেদন জমা দিব লাগে।’’

তেওঁৰ বক্তব্যত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে,
👉 ‘‘প্ৰথমে মই প্ৰতিবেদনটো পঢ়ি ল’ব লাগিব। যদি প্ৰতিবেদনত ছিৰিয়াচ বিষয় থাকে, তৎক্ষণাত ব্যৱস্থা লোৱা হ’ব। যদি একো গুৰুত্বপূৰ্ণ নাথাকে, তেন্তে ক্লজ কৰি দিয়া হ’ব।’’
মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, যদি SITৰ প্ৰতিবেদনত গুৰুত্বপূৰ্ণ তথ্য থাকে, তেন্তে সেই তথ্য প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক জনোৱা হ’ব।
এতিয়া সকলোৰে নজৰ ১০ ছেপ্টেম্বৰৰ ওপৰত। গৌৰৱ গগৈৰ বিৰুদ্ধে SITৰ ৰিপোৰ্ট কি নতুন তথ্য উন্মোচন কৰে, সেইয়া হ’ব অসম ৰাজনীতিৰ বাবে এখন নতুন পৰ্বৰ আৰম্ভণি।
