উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ ৰাওনা গৰিমা শইকীয়া গাৰ্গ

উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ ৰাওনা গৰিমা শইকীয়া গাৰ্গ

উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ ৰাওনা গৰিমা শইকীয়া গাৰ্গ

নেমকেয়াৰ হাস্পতালৰ পৰা পোনে পোনে মুম্বাইলৈ গৰিমা গাৰ্গ

উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হ’ল গৰিমা শইকীয়া গাৰ্গক। নেমকেয়াৰ হাস্পতালৰ পৰা পোনে পোনে মুম্বাইলৈ ৰাওনা হৈছে গৰিমা গাৰ্গ।

চিকিৎসকৰ মতে, গৰিমা শইকীয়া গাৰ্গৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ। অৱশ্যে তেওঁ মানসিক চাপ আৰু অনিদ্ৰাৰ সমস্যাত ভুগি আছে। সেয়ে মানসিক স্বাস্থ্যৰ উন্নত চিকিৎসাৰ বাবে তেওঁক মুম্বাইলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

জানিব পৰা মতে, অহা ১৫ৰ পৰা ২০ দিনলৈ মুম্বাইত বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত থাকিব গৰিমা শইকীয়া গাৰ্গ। এই সময়ছোৱাত তেওঁৰ মানসিক স্বাস্থ্যৰ পৰীক্ষা-নিৰীক্ষা আৰু প্ৰয়োজনীয় চিকিৎসা চলিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top