ওৰাঙৰ যুৱতী নেহা শইকীয়াৰ ৰহস্যজনক মৃত্যু; পৰিয়ালৰ হত্যাৰ অভিযোগ, নিৰপেক্ষ তদন্তৰ দাবী
ওৰাঙৰ যুৱতী নেহা শইকীয়াৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গুৱাহাটীৰ শিলপুখুৰীৰ এখন ভাড়াঘৰৰ পৰা উদ্ধাৰ হোৱা নেহা শইকীয়াৰ মৃতদেহৰ ঘটনাক আত্মহত্যা নহয়, বৰঞ্চ পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে তেওঁৰ পৰিয়ালবৰ্গই।
পৰিয়ালৰ অভিযোগ অনুসৰি, প্ৰায় ৫-৬ ফুট উচ্চতাত থকা এখন দেৱালৰ গজালত চিপ খাই, আঁঠু আৰু ভৰি কোঁচাই থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাটো স্বাভাৱিক নহয়। তেওঁলোকৰ দাবী, নেহাক শাৰীৰিকভাৱে নিৰ্যাতন চলাই পূৰ্ব পৰিকল্পিতভাৱে হত্যা কৰা হৈছে আৰু ঘটনাটোক আত্মহত্যা হিচাপে দেখুৱাবলৈ চেষ্টা কৰা হৈছে।
নেহা শইকীয়াৰ পিতৃ-মাতৃয়ে ঘটনাটোৰ নিৰপেক্ষ আৰু বিস্তৃত তদন্তৰ দাবী জনাই প্ৰকৃত দোষীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি বিহিবলৈ চৰকাৰ আৰু আৰক্ষীৰ ওচৰত আবেদন জনাইছে। এই সন্দৰ্ভত ১৬ জুলাইত গুৱাহাটীৰ চান্দমাৰী আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰা হৈছে।
উল্লেখ্য যে, ১৪ জুলাইত গুৱাহাটীৰ শিলপুখুৰীৰ ভাড়াঘৰৰ পৰা নেহা শইকীয়াৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত মৃতদেহ নিজ গৃহলৈ অনা হয়।
পৰিয়ালৰ তথ্য অনুসৰি, কৰ্মসংস্থাপনৰ উদ্দেশ্যে প্ৰায় চাৰি বছৰ পূৰ্বে নেহা গুৱাহাটীলৈ আহিছিল। বিগত চাৰি মাহ ধৰি তেওঁ শিলপুখুৰীৰ এখন ভাড়াঘৰত বাস কৰি টানিক্স নামৰ গহনা বিপনীত কৰ্মৰত আছিল।
নেহাৰ মাতৃয়ে জনোৱা মতে, ঘটনাৰ দিনাও প্ৰতিদিনৰ দৰেই নিশা প্ৰায় ৯ বজাৰ পৰা ১০ বজালৈ নেহাই ফোনযোগে স্বাভাৱিকভাৱে কথা পাতিছিল। সেয়েহে ই আত্মহত্যাৰ ঘটনা হ’ব নোৱাৰে বুলি পৰিয়ালৰ দৃঢ় দাবী।
ইয়াৰ উপৰিও, ঘটনাটোৰ সৈতে জড়িত সকলো দিশ তদন্তৰ আওতালৈ অনাৰ দাবী জনাই ভাড়াঘৰৰ মালিককো সোধ-পোছৰ আওতালৈ আনিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই।
নেহা শইকীয়াৰ পৰিয়ালে স্থানীয় বিধায়ক, মন্ত্ৰী চৰণ বড়ো, অসম আৰক্ষী আৰু ৰাজ্য চৰকাৰৰ ওচৰত হাতযোৰ কৰি ন্যায় বিচাৰিছে। আনহাতে, আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে, মৃত্যুৰ কাৰণ সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পূৰ্ণাংগ প্ৰতিবেদন প্ৰকাশৰ পিছতহে স্পষ্ট হ’ব।
