টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ত পুনৰ বিতৰ্ক, ভাইৰেল অডিঅ’ক লৈ নতুন বিতণ্ডা Chandra Kamal Bezbaruah College, Teok
টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ক কেন্দ্ৰ কৰি পুনৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। এক সপ্তাহ পূৰ্বে মহাবিদ্যালয়খনৰ এক বিতৰ্কিত ঘটনা ভাইৰেল হোৱাৰ পিছত এইবাৰ সামাজিক মাধ্যমত প্ৰচাৰ হৈছে আন এক অডিঅ’, যাক ‘পাৰ্ট-২’ বুলি দাবী কৰা হৈছে।
ভাইৰেল অডিঅ’টোত এগৰাকী মহিলা আৰু এগৰাকী পুৰুষৰ মাজত তীব্ৰ বাক-বিতণ্ডা শুনিবলৈ পোৱা গৈছে। অডিঅ’টোত মহিলা কণ্ঠই কোৱা বুলি দাবী কৰা হৈছে—
“আপোনাৰ লগত মোৰ কি যৌ*ন সম্পৰ্ক আছে নেকি?”
আনহাতে, “২৫ হাজাৰ টকা লৈ মই Sex কৰিছো নেকি! আপুনি কৈছে!” বুলিও অভিযোগ উত্থাপন কৰা শুনা যায়।
সামাজিক মাধ্যমত প্ৰচাৰিত দাবী অনুসৰি, এই অডিঅ’টো মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ এজন অধ্যাপক আৰু চতুৰ্থ বৰ্গৰ এগৰাকী মহিলা কৰ্মচাৰীৰ মাজৰ কথোপকথন বুলি কোৱা হৈছে

ঘটনাটোৱে পুনৰ শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ আৰু প্ৰশাসনিক ব্যৱস্থাক লৈ বিভিন্ন মহলত প্ৰশ্নৰ সৃষ্টি কৰিছে। ইতিমধ্যে বিষয়টো সন্দৰ্ভত বিভিন্ন ধৰণৰ আলোচনা-সমালোচনা চলিছে।
উল্লেখযোগ্য যে, এই ঘটনাৰ সৈতে জড়িত অভিযোগসমূহৰ ওপৰত সংশ্লিষ্ট পক্ষ বা মহাবিদ্যালয় কৰ্তৃপক্ষৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া এই পৰ্যন্ত প্ৰকাশ পোৱা নাই।

এই ঘটনাক লৈ আপোনাৰ মতামত কি? শৈক্ষিক পৰিৱেশত এনে বিতৰ্কই কি প্ৰভাৱ পেলায় বুলি আপুনি ভাবে?

